অসমৰ ভিতৰতে ভূগোলত সৰ্বোচ্চ নম্বৰ লাভ ডিমৰীয়াৰ হানশ্ৰী ৰংহাংপীৰ
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। ভূগোলত ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰি ডিমৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰী গৰাকীয়ে। ক্ষেত্ৰীৰ ভৱেন্দ্ৰনাথ শইকীয়া চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হানশ্ৰী ৰংহাপী। লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পৰা বহুকেইগ
অসমৰ ভিতৰতে ভূগোলত সৰ্বোচ্চ নম্বৰ লাভ ডিমৰীয়াৰ হানশ্ৰী ৰংহাংপীৰ।


অসমৰ ভিতৰতে ভূগোলত সৰ্বোচ্চ নম্বৰ লাভ ডিমৰীয়াৰ হানশ্ৰী ৰংহাংপীৰ।


গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। ভূগোলত ১০০ ভিতৰত ১০০ নম্বৰ লাভ কৰি ডিমৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰী গৰাকীয়ে।

ক্ষেত্ৰীৰ ভৱেন্দ্ৰনাথ শইকীয়া চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হানশ্ৰী ৰংহাপী।

লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পৰা বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে ঈৰ্ষনীয় সফলতা। আনহাতে বিথি দাস নামৰ ছাত্ৰী গৰাকীয়ে ভূগোল ৯৯ শতাংশ নম্বৰ লাভ কৰে।

মন কৰিবলগীয়া যে বিদ্যালয়খনৰ পৰা এইবাৰ কলা শাখাত ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰে নিলিমা দেৱী (৮৯.২%),বিথি দাস(৮৯%) আৰু হানশ্ৰী ৰংহাংপীয়ে(৮৮.৬%)লাভেৰে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ ওপৰিও ২৯ গৰাকীয়ে প্ৰথম বিভাগত,২০ গৰাকীয়ে দ্বিতীয় আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে বিজ্ঞান শাখাত ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ ওপৰিও

২৮ গৰাকী প্ৰথম,১১ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইপিনে আজি ফলাফল ঘোষণা হোৱাৰ পিছতে বিদ্যালয় চৌহদত ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা যায়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande