বিশ্বনাথত নাবালিকা ধৰ্ষণৰ সৈতে জৰিত লম্পটক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দাবীত স্মাৰকপত্ৰ প্ৰদান আটছাৰ
বিশ্বনাথ, ২৮ এপ্ৰিল (হি.স.)। বিশ্বনাথত এক যৌন নিৰ্যাতন সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। । বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানা অন্তৰ্গত পেতিলিবাৰীত এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ৬ মাহৰ অন্তঃসত্বা কৰাৰ অভিযোগ । লম্পট ৰিংকু নাৰ্জাৰী নামৰ যুৱক এজন
বিশ্বনাথত নাবালিকা ধৰ্ষণৰ সৈতে জৰিত লম্পটক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দাবীত স্মাৰকপত্ৰ প্ৰদান আটছাৰ


বিশ্বনাথ, ২৮ এপ্ৰিল (হি.স.)। বিশ্বনাথত এক যৌন নিৰ্যাতন সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। । বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানা অন্তৰ্গত পেতিলিবাৰীত এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি ৬ মাহৰ অন্তঃসত্বা কৰাৰ অভিযোগ । লম্পট ৰিংকু নাৰ্জাৰী নামৰ যুৱক এজনে জঘন্য কাণ্ড কৰাৰ অভিযোগ পৰিয়ালৰ। ইতিমধ্যে ভুক্তভোগী নাবালিকা গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা উক্ত ঘটনা সন্দৰ্ভত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যদিও লম্পট ৰিংকু নাৰ্জাৰী পলাতক অৱস্থাত আছে।

এনে জঘন্য কাণ্ডৰ সৈতে জৰিত অপৰাধীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত বিশ্বনাথ জিলা আটছাৰ ফালৰপৰা আজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande