
নতুন দিল্লী, ২৮ এপ্ৰিল।(হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনা সমাধানৰ বাবে ইৰাণে নতুন প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যত কোনো ধৰণৰ সকাহ পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। আজি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰৰ ওচৰ চাপিল। একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলেও ৯৭ ডলাৰৰ সীমা অতিক্ৰম কৰিলে। কিন্তু পিছত সামান্য হ্ৰাস পোৱা যায়।
আজি ব্ৰেণ্ট খাৰুৱা তেলৰ ব্যৱসায় আৰম্ভ হয় প্ৰতি বেৰেলত ১০৮ ডলাৰ, তীব্ৰ বৃদ্ধিৰ বাবে অতি সোনকালেই প্ৰতি বেৰেলত ১০৯.৪৬ ডলাৰলৈ বৃদ্ধি পালে। অলপ সময়ৰ পাছতে ইয়াৰ মূল্য মন্থৰ হোৱাৰ ফলত ইয়াৰ মূল্য ১০৭.৯৮ ডলাৰলৈ হ্ৰাস পায়। ইয়াৰ পিছত দাম পুনৰ উত্থান হ’বলৈ ধৰিলে। ভাৰতীয় সময় অনুসৰি পুৱা ৯ বজালৈকে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ০.৯০ শতাংশ বৃদ্ধিৰে প্ৰতি বেৰেলত ১০৯.২০ ডলাৰত ব্যৱসায় কৰা হয়।
একেদৰে আজি ডব্লিউ টি আই খাৰুৱা তেলে প্ৰতি বেৰেলত ৯৬ ডলাৰৰ সীমা অতিক্ৰম কৰি প্ৰতি বেৰেলত ৯৬.৬২ ডলাৰত ব্যৱসায় আৰম্ভ কৰে। মুকলি হোৱাৰ লগে লগে কিছু সময়ৰ বাবে প্ৰতি বেৰেলত ৯৬.২৪ ডলাৰলৈ হ্ৰাস পায় যদিও তাৰ পিছত ইয়াৰ গতি বৃদ্ধি পায়। কম সময়ৰ ভিতৰতে জঁপিয়াই প্ৰতি বেৰেলত ৯৭.৫৫ ডলাৰ হয়। অৱশ্যে পিছলৈ ইয়াৰ মূল্যও সামান্য হ্ৰাস পঞ্জীয়ন কৰে। ভাৰতীয় সময় অনুসৰি পুৱা ৯ বজাত ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ৯৭.২৯ ডলাৰ, ০.৯৫ শতাংশ বৃদ্ধি।
আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা পিছুৱাই দিয়াৰ বাবে আৰু হৰমুজ জলদ্বীপক লৈ দুয়োখন দেশৰ মাজত হোৱা সংঘাতৰ বাবে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটোৰ জৰিয়তে খাৰুৱা তেলৰ যোগান কাৰ্যতঃ স্থবিৰ হৈ আছে। ইৰানে অৱশ্যে শান্তি আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে নতুন প্ৰস্তাৱ আগবঢ়াইছে আৰু আমেৰিকাইও সেই প্ৰস্তাৱ বিবেচনা কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতো খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ কোনো ধাৰা দেখা পোৱা নাই।
ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে পশ্চিম এছিয়াত আৰম্ভ হোৱা যুদ্ধই বিশ্বৰ পেট্ৰলিয়াম ভিত্তিক শক্তিৰ বজাৰখন কঁপাই তুলিছে। হৰমুজ উপসাগৰ বন্ধ হোৱাৰ লগে লগে পাৰ্চী উপসাগৰৰ পৰা তেল আৰু গেছৰ যোগান যথেষ্ট হ্ৰাস পাইছে। ইৰাণক হেঁচা প্ৰয়োগ কৰিবলৈ আমেৰিকাই অৱৰোধ জাৰি কৰিছে। আনহাতে ইৰাণে হৰমুজ জলদ্বীপক আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ বাবে বন্ধ কৰি ৰাখিবলৈ সক্ৰিয়ভাৱে চেষ্টা চলাইছে।
বিশ্বৰ প্ৰায় ২০ শতাংশ খাৰুৱা তেল আৰু গেছ যোগান হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হয়। কিন্তু পশ্চিম এছিয়াত চলি থকা যুদ্ধই এই জলদ্বীপটো কাৰ্যতঃ বিঘ্নিত কৰি বিশ্বজুৰি অস্থিৰতাৰ সৃষ্টি কৰিছে আৰু খাৰুৱা তেলৰ মূল্যৰ তীব্ৰ উত্থান ঘটিছে। বিশেষকৈ ডব্লিউটিআই খাৰুৱা তেলৰ মূল্য ৭০ শতাংশ বৃদ্ধি পাইছে।
বৰ্তমান আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি থকাৰ পাছতো বিশেষজ্ঞসকলৰ মতে তেলৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰাটো কঠিন হ’ব। যুদ্ধৰ বাবে ভৌতিক আন্তঃগাঁথনি শীঘ্ৰে পুনৰুদ্ধাৰ নহ’ব। বিশেষকৈ যুদ্ধৰ বাবে বন্ধ হৈ পৰা তেলৰ কূপ পুনৰ আৰম্ভ কৰা, ক্ৰু আৰু জাহাজ স্থানান্তৰ কৰা, শোধনাগাৰৰ তথ্য পুনৰ নিৰ্মাণ কৰাত যথেষ্ট সময় লাগিব।
টিএনভি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তাৰকেশ্বৰ নাথ বৈষ্ণৱে কয় যে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে ভাৰতৰ চলিত একাউণ্টৰ ঘাটি বৃদ্ধি কৰিব পাৰে আৰু বিত্তীয় ঘাটিৰ লক্ষ্যতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে ভাৰতীয় মুদ্ৰা দুৰ্বল কৰি তুলিব পাৰে, মুদ্ৰাস্ফীতি বৃদ্ধি কৰিব পাৰে আৰু বিদেশী মূলধনৰ বহিঃপ্ৰবাহ আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। একেদৰে অৰ্থনীতিৰ ওপৰত বৰ্ধিত হেঁচাত শ্বেয়াৰ বজাৰত অনিশ্চয়তাৰ সৃষ্টি হ’ব পাৰে, কিয়নো চৰকাৰে ৰাজসাহায্য, সুতৰ হাৰ, টকা-ডলাৰৰ বিনিময় হাৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া