ড্ৰাগ-মুক্ত আৰু সেউজ ভাৰত নিৰ্মাণৰ বাৰ্তাৰে ৰাজস্থানৰ পৰা চাইকেলৰে শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী
ড্ৰাগ-মুক্ত আৰু সেউজীয়া ভাৰতৰ নিৰ্মাণৰ বাৰ্তা লৈ ৰাজস্থানৰ পৰা চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী ।ড্ৰাগ-মুক্ত আৰু সেউজীয়া ভাৰতৰ নিৰ্মাণৰ বাৰ্তা লৈ ৰাজস্থানৰ পৰা চাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী ।
ড্ৰাগ-মুক্ত আৰু সেউজ ভাৰত নিৰ্মাণৰ বাৰ্তাৰে ৰাজস্থানৰ পৰা চাইকেলৰে শিৱসাগৰত উপস্থিত পাপ্পু ৰাম চৌধুৰী


শিৱসাগৰ, ২৮ এপ্ৰিল (হি.স.): ড্ৰাগ-মুক্ত আৰু এখন সেউজীয়া ভাৰতৰ নিৰ্মাণৰ বাৰ্তা লৈ ৰাজস্থানৰ পৰাচাইকেলৰে ভাৰত ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হৈছে পাপ্পু ৰাম চৌধুৰী নামৰ লোকজন । ৰাজস্থানৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰি পাপ্পু ৰাম চৌধুৰীয়ে সোমবাৰে শিৱসাগৰত উপস্থিত হয় ।

তিনিবছৰ পূৰ্বে আৰম্ভ কৰা এই যাত্ৰাত ভাৰতৰ ২৪খন ৰাজ্য আৰু ৬টা কেন্দ্ৰীয় শাসিত অঞ্চল ইতিমধ্যে অতিক্ৰম কৰিছে পাপ্পুয়ে । এই অভিযানৰ যোগেদি পাপ্পুয়ে ড্ৰাগ-মুক্ত আৰু সেউজীয়া ভাৰত গঢ়াৰ বাৰ্তা ৰাইজলৈ কঢ়িয়াই নিছে । যাত্ৰাৰ সময়ছোৱাত তেওঁ ৩২ হাজাৰতকৈ অধিক গছ পুলি ৰোপণ কৰি উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিছে । কালি বিয়লি শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰতো তেওঁ গছ পুলি ৰোপণ কৰে । এই কাৰ্যসূচীত ১৪৯ বেটেলিয়ন চিআৰপিএফ জয়সাগৰ কেম্প আৰু শিৱসাগৰৰ মাৰৱাড়ী যুৱ মঞ্চই সহায়-সহযোগিতা আগবঢ়ায়।অভিযানৰ অংশ হিচাপে পাপ্পু ৰাম চৌধুৰীৰ আগন্তুক লক্ষ্য হৈছে মাউণ্ট এভাৰেষ্ট আৰোহন কৰা । অসমৰ পিছত তেওঁ অৰুণাচল প্ৰদেশ আৰু ছিক্কিমলৈ যাত্ৰা অব্যাহত ৰাখিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande