মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নাৰী শক্তি বন্দন আইনৰ প্ৰতি সমৰ্থন প্ৰকাশ, বিৰোধী দলৰ প্ৰচেষ্টাক গৰিহণা
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মঙলবাৰে দিল্লী বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত নাৰী শক্তি বন্দন আইন আগতীয়াকৈ কাৰ্যকৰী কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। সদনত হোৱা আলোচনাৰ সময়ত মহিলা সবলীকৰণৰ বাবে প্ৰধানমন্ত্
मुख्यमंत्री के नेतृत्व में विधानसभा परिसर में भाजपा विधायकों ने नारी शक्ति वंदन अधिनियम का विरोध करने वाली विपक्षी पार्टियों के खिलाफ प्रदर्शन करते हुए


নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মঙলবাৰে দিল্লী বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত নাৰী শক্তি বন্দন আইন আগতীয়াকৈ কাৰ্যকৰী কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। সদনত হোৱা আলোচনাৰ সময়ত মহিলা সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপক বিফল কৰাৰ বাবে বিৰোধী দলসমূহে কৰা প্ৰচেষ্টাক গৰিহণা দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে এই সদনে মহিলাৰ বাবে সংৰক্ষণকে ধৰি নাৰী সবলীকৰণৰ বাবে কৰা সকলো প্ৰচেষ্টাক আন্তৰিকতাৰে আদৰণি জনাইছে আৰু নাৰী শক্তি বন্দন আইন আগতীয়াকৈ কাৰ্যকৰী কৰাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকলে বিধানসভা চৌহদত বিৰোধী দলসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত মুখ্যমন্ত্ৰী আৰু বিধায়কসকলে হাতত ক’লা বেণ্ড পিন্ধি বিৰোধিতা প্ৰকাশ কৰে।

এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে লোকসভা আৰু বিধানসভাত দেশৰ ভগ্নী-কন্যাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ঐতিহাসিক নাৰী শক্তি বন্দন আইন প্ৰৱৰ্তন কৰে। কিন্তু ক্ষমতাৰ সন্ধানত গ্ৰাস কৰা বিৰোধীয়ে পুনৰবাৰ নাৰীক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ নাৰী শক্তিয়ে তেওঁলোকক ভৱিষ্যতে এক শিক্ষা দিব। এই অগ্ৰগতিত বাধাৰ সৃষ্টি কৰা সকলৰ উত্তৰ জনসাধাৰণে দিব।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে আমি নিশ্চিতভাৱে ৩৩ শতাংশ মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিম আৰু দেশৰ নাৰী শক্তিয়ে যাতে নিজৰ অধিকাৰ লাভ কৰে সেয়া নিশ্চিত কৰিম৷

---------------

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande