
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। ₹৬০.৮৬ লাখ বেংক জালিয়াতিৰ গোচৰত দীৰ্ঘদিন ধৰি পলাতক অভিযুক্ত মনোজ কুমাৰ সিনহাক গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)য়ে। ২০১২ চনত গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা অভিযুক্তই তদন্তত যোগদান কৰা নাছিল আৰু পলাতক হৈ আছিল।
চিবিআইৰ তথ্য অনুসৰি বিএছএনএলৰ এজাহাৰৰ ভিত্তিত ২০১২ চনৰ ১৬ এপ্ৰিলত এই গোচৰ ৰুজু কৰা হৈছিল। ইয়াত এছ বি আই শ্বিলং মূল শাখা, বি এছ এন এল শ্বিলং আদিৰ অচিনাক্ত বিষয়াসকলে বি এছ এন এলৰ একাউণ্টৰ পৰা অবৈধভাৱে ৬০.৮৬ লাখ টকা উলিওৱাৰ অভিযোগ উত্থাপন কৰে।
তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতে চিবিআইয়ে এই গোচৰৰ সঞ্জীৱ কুমাৰ ৰায়ৰ বিৰুদ্ধে যোৱা ২৩ ডিচেম্বৰত অভিযোগনামা দাখিল কৰে । অধিক তদন্তৰ ভিত্তিত ২২ জুলাইত পলাতক অভিযুক্ত মনোজ সিনহা আদিৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰা হয়।
তদন্তত অংশগ্ৰহণ নকৰা মনোজ কুমাৰ সিনহাক পলাতক ঘোষণা কৰা হয়। আদালতে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানাও জাৰি কৰিছিল যদিও তেওঁ দীৰ্ঘদিন ধৰি ধৰা নপৰে।
কাৰিকৰী আৰু শাৰীৰিক চোৱাচিতা, কল ডিটেইল ৰেকৰ্ড বিশ্লেষণ, আৰু অন্যান্য তথ্যৰ ভিত্তিত চিবিআইয়ে ২০২৬ চনৰ ২৮ এপ্ৰিলত বিহাৰৰ পাটনাত থকা নতুন আত্মগোপন স্থানৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
আটকাধীন অভিযুক্তক ট্ৰেনজিট ৱাৰেণ্টৰ অধীনত পাটনাৰ পৰা শিলচৰলৈ লৈ যোৱা হ’ব, য’ত তেওঁক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া