
নলবাৰী, ২৮ এপ্ৰিল (হি.স.)। নলবাৰীত বৃহৎ পৰিমানৰ বাৰ্মিজ চেগুন কাঠৰ কুন্দা জব্দ ।নলবাৰীৰ কেন্দুকুছিত উদ্ধাৰ বৃহৎ পৰিমানৰ বাৰ্মিজ চেগুন কাঠৰ কুন্দা জব্দ । পৰিত্যক্ত এটা পানী ফেক্টৰীৰ পৰা নলবাৰী বন বিভাগে উদ্ধাৰ কৰে বাৰ্মিজ চেগুন কাঠৰ কুন্দাখিনি । গোপন সূত্ৰৰ পম খেদি নলবাৰীৰ বন বিষয়া দিনেশ দাসৰ নেতৃত্বত এটা দলে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ কাঠৰ কুন্দাখিনি ।
জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি হব বুলি জনাই বন বিষয়াই । কালি নিশা নলবাৰীৰ কেন্দুকুছিলৈ কেনেকৈ আহিছে কোটি টকাৰ বাৰ্মিজ চেগুন কাঠ তাকে এতিয়া প্ৰশ্ন উঠিছে নলবাৰীৰ সচেতন মহলৰ মাজত । আনহাতে এই কাঠ সমূহ কোনে কেতিয়া আনি পৰিত্যক্ত পানী ফেক্টৰীত ৰাখিছিল সেইটোও বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই । কাঠখিনিৰ গৰাকী কোন তাৰ তথ্য উদ্ধাৰ কৰিব পৰা নাই বন বিভাগে । কাঠৰ গৰাকীৰ সন্ধান উদ্ধাৰৰ বাবে নলবাৰী বন বিভাগে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ