গহপুৰত নাৰী ব্যৱসায়ীৰ ঘাটি উৎখাত, দুজন যুৱক সহ ৩ গৰাকী মহিলাক আটক
বিশ্বনাথ, ২৮ এপ্ৰিল (হি.স.)। গহপুৰত নাৰী ব্যৱসায়ী ঘাটি উৎখাত। দুজন যুৱক সহ ৩ গৰাকী মহিলাক আটক। গহপুৰ চহৰৰ কলেজগুৰিত নাৰী ব্যৱসায়ীৰ ঘাটি উৎখাত কৰাটো লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কলেজগুৰিৰ বৰা উপাধি মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিন ধৰি অবৈধ কাৰ
গহপুৰত নাৰী ব্যৱসায়ীৰ ঘাটি উৎখাত, দুজন যুৱক সহ ৩ গৰাকী মহিলাক আটক


বিশ্বনাথ, ২৮ এপ্ৰিল (হি.স.)। গহপুৰত নাৰী ব্যৱসায়ী ঘাটি উৎখাত। দুজন যুৱক সহ ৩ গৰাকী মহিলাক আটক। গহপুৰ চহৰৰ কলেজগুৰিত নাৰী ব্যৱসায়ীৰ ঘাটি উৎখাত কৰাটো লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কলেজগুৰিৰ বৰা উপাধি মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিন ধৰি অবৈধ কাৰ্যকলাপ চলাই অহাৰ গুৰুতৰ অভিযোগ উঠি আহিছিল ।

আজি স্থানীয় ৰাইজে মহিলা গৰাকীৰ ঘৰত হাতে লোটে দুজন যুৱক সহ ৩ গৰাকী মহিলাক কৰায়ত্ত কৰি গহপুৰ আৰক্ষীক চমজাই দিয়ে । গহপুৰ আৰক্ষীয়ে ৫ জনকে আটক কৰি গহপুৰ থানালৈ লৈ আহিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande