দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মূখ্যমন্ত্ৰীৰ ফটো বিকৃত ৰূপ দি ৰঙা ঘৰৰ আলহী হল বিলাসীপাৰাৰ ৰফিকুল ইছলাম
ধুবুৰী, ২৮ এপ্ৰিল (হি.স.)। দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মূখ্যমন্ত্ৰীৰ ফটো বিকৃত ৰূপ দি ৰঙা ঘৰৰ আলহী হল ৰফিকুল ইছলাম ৰফিক। যুৱক জনৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত। সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এ আই মাধ্যমেৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী
দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মূখ্যমন্ত্ৰীৰ ফটো বিকৃত ৰূপ দি ৰঙা ঘৰৰ আলহী হল বিলাসীপাৰাৰ ৰফিকুল ইছলাম


ধুবুৰী, ২৮ এপ্ৰিল (হি.স.)। দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মূখ্যমন্ত্ৰীৰ ফটো বিকৃত ৰূপ দি ৰঙা ঘৰৰ আলহী হল ৰফিকুল ইছলাম ৰফিক। যুৱক জনৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত। সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এ আই মাধ্যমেৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বিকৃত ৰূপ দিয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীক বিকৃত ৰূপ দিয়ে ৰফিকুল ইছলাম নামৰ যুৱকজন।

ৰফিকুল ইছলাম ৰফিক নামৰ যুৱকজনৰ এনে কৰ্মকাণ্ডই তামাৰহাটত আজি বিজেপিৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জিলা বিজেপিৰ সদস্য়, বিষয়া সকলে দেশৰ প্ৰধানমন্ত্ৰী,মুখ্য়মন্ত্ৰীৰ ফটো বিকৃত কৰা যুৱক জনৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।জানিব পৰা অনুসৰি ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ধুবুৰী আৰক্ষী অধীক্ষকে ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande