বাক্সাৰ মেধিপাৰাত পৰম্পৰাগত ভঠেলী উৎসৱ উদযাপন
বাক্সা, ২৮এপ্ৰিল (হি.স.)। বাক্সা জিলাৰ বৰমাৰ মেধিপাৰাত স্থানীয় ৰাইজৰ উদ্যোগত পৰম্পৰাগত ভঠেলী উৎসৱ উদযাপন কৰা হয়। এদিনীয়া এই অনুষ্ঠানত পাউৰাতোলা কাৰ্যসূচীৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত হয়। ব''হাগ মাহৰ অন্তিম সময়ছোৱাত
বাক্সাৰ মেধিপাৰাত পৰম্পৰাগত ভঠেলী উৎসৱ উদযাপন


বাক্সা, ২৮এপ্ৰিল (হি.স.)। বাক্সা জিলাৰ বৰমাৰ মেধিপাৰাত স্থানীয় ৰাইজৰ উদ্যোগত পৰম্পৰাগত ভঠেলী উৎসৱ উদযাপন কৰা হয়। এদিনীয়া এই অনুষ্ঠানত পাউৰাতোলা কাৰ্যসূচীৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী অনুষ্ঠিত হয়।

ব'হাগ মাহৰ অন্তিম সময়ছোৱাত পালন কৰা ভঠেলী উৎসৱ অসমৰ এক প্ৰাচীন লোকউৎসৱ। একতা, স্নেহ আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰা এই উৎসৱক বাহ পূজা বা পাউৰাতোলা উৎসৱ বুলিও জনা যায়।

গাঁওবাসীয়ে এডাল বাহ গছ ৰঙীন কাপোৰেৰে সজাই ৰাজহুৱা স্থানত স্থাপন কৰি পূজা-অৰ্চনা কৰে। লোকবিশ্বাস অনুসৰি, গাঁওখনত অপায়-অমংগল দূৰ কৰাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। এইবাৰো উৎসৱৰ অংশ হিচাপে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপন আদি কাৰ্যসূচী অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande