পুনৰ কৰ্ম সন্ধানত গৈ বহি ৰাজ্যত নিখোজ অসমৰ যুৱক
পুনৰ কৰ্ম সন্ধানত গৈ বহি ৰাজ্যত নিখোজ অসমৰ যুৱক।
পুনৰ কৰ্ম সন্ধানত গৈ বহি ৰাজ্যত নিখোজ অসমৰ যুৱক


যোৰহাট, ২৮ এপ্ৰিল (হি.স.): পুনৰ কৰ্ম সন্ধানত গৈ বহি ৰাজ্যত নিখোজ হৈ পৰিছে অসমৰ যুৱক এজন । কৰ্ম সংস্থাপন বিচাৰি ১৭ এপ্ৰিলত মৰিয়নিৰ পৰা ৰে'ল যোগে অন্ধ্ৰ প্ৰদেশলৈ ৰাওনা হৈছিল যুৱকজন। নিখোজ যুৱকজন মৰিয়নিৰ নাগাজংকা বছা গাঁৱৰ ব্ৰজেন গগৈ বুলি পৰিচয় পোৱা গৈছে।

জানিব পৰামতে, বিজয়ৱাড়া ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পাছতেই নিখোজ হৈ পৰে মৰিয়নিৰ নাগাজংকা বছা গাঁৱৰ যুৱক ব্ৰজেন গগৈ । ইফালে প্ৰায় ১০ টা দিনে পৰিয়ালৰ সৈতে কোনো যোগাযোগ নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে ব্ৰজেনৰ মাতৃ পত্নী ৯ বছৰীয়া পুত্ৰৰ লগতে গাঁওবাসী । পৰিয়ালৰ লোকে আৰক্ষীক সৈতে যোগাযোগ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ব্ৰজেন গগৈ নামৰ যুৱকজনৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande