
নলবাৰী, ২৮ এপ্ৰিল (হি.স.): ৰঙালী বিহুৰ ৰং–ৰইছৰ মাজতে আজি নলবাৰী গৰ্ডণ খেলপথাৰত পাঁচ হেজাৰ বিহুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহু নৃত্য । নলবাৰী মহকুমা ৰঙালী বিহু সন্মিলনৰ প্ৰচেষ্টাত এই অনুষ্ঠিত হ’ব এই অনুষ্ঠান ।
দুদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা নলবাৰী গৰ্ডণ খেলপথাৰত আয়োজন কৰা হৈছে নলবাৰী মহকুমা বিহু সন্মিলন । এই ৫৬ সংখ্যক নলবাৰী মহকুমা ৰঙালী বিহু সন্মিলনত আজি পাঁচ হেজাৰ বিহৱতীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰিব ।এই উপলক্ষে নলবাৰী মহকুমা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ২৫ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বিশেষ আখৰা অনুষ্ঠিত কৰা হৈছে।
আনহাতে ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। সাংস্কৃতিক কাৰ্যসূচীত ২৯ এপ্ৰিলত নলবাৰী মহকুমা বিহু সন্মিলনত থাকিব প্ৰিয়ংকা ভড়ালীৰ সংগীতানুষ্ঠান ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ