
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে নিৰাপত্তা পৰিকল্পনাৰ বাবে ব্যুৰো অৱ চিভিল এভিয়েশন ছিকিউৰিটি (বিচিএএছ)ৰ পৰা অনুমোদন লাভ কৰিছে, যিটো বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। বিমানবন্দৰ প্ৰশাসনে এতিয়া বিমান সেৱা আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ তাৰিখ চূড়ান্ত কৰিবলৈ আৰম্ভ কৰিছে।
নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তৰফৰ পৰা মঙলবাৰে কয় যে এতিয়া তেওঁলোকৰ গুৰুত্ব নিশ্চিত কৰা হৈছে যে সকলো ব্যৱস্থা, প্ৰক্ৰিয়া, আৰু কৰ্মীসকল যাতে নিৰাপদ, দক্ষ আৰু মসৃণ কাৰ্য্যকলাপৰ বাবে সম্পূৰ্ণৰূপে সাজু হয়।
নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ জেৱাৰত গঢ়ি তোলা এক নতুন প্ৰকল্প। আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে বিমানবন্দৰটোৰ ডিজাইন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মাৰ্চত এই বিমানবন্দৰটো উদ্বোধন কৰে। এবাৰ কাৰ্যক্ষম হ’লে ই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত যাত্ৰীৰ চাপ লাঘৱ কৰাৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাবে এক প্ৰধান বিমান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া