
বৰপেটা, ২৮ এপ্ৰিল (হি.স.)। বৰপেটাৰ সৰভোগত নিশা ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰ ভাৱে আহত।
নিহত যুৱকজন কলগাছিয়াৰ বালাপাথাৰ গাঁওৰ ছামাদ মিঞাৰ ২৬ বছৰীয়া পুত্ৰ জহিৰুল ইছলাম | আনহাতে মটৰচাইকেল আৰোহী ছাইদুল ইছলাম গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত ছাইদুল ইছলামক প্ৰথমতে সৰভোগ থানাত আৰু পৰৱৰ্তী সময়ত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে | জানিব পৰা মতে কলগাছীয়া থানাৰ অন্তৰ্গত বালাপাথাৰ গাঁৱৰ দুই যুৱক জহিৰুল ইছলাম আৰু ছাইদুল ইছলামে নিশা প্ৰায় ৯ মান বজাত মটৰ চাইকেলেৰে সৰভোগৰ খৰিচালাৰ আত্মীয়ৰ ঘৰলৈ আহি থকা অৱস্থাত খৰিচালা পেট্ৰল পাম্পৰ সন্মুখত এখন অচিনাক্ত বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
ফলত জহিৰুল ইছলাম থিতাতে নিহত হয় | পিছত ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ জহিৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত ছাইদুল ইছলামক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পিটাললৈ প্ৰেৰণ কৰে।
ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন পৰা চাৰিচকীয়া বাহন খনৰ বিৰুদ্ধে সৰভোগ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা