
লক্ষ্ণৌ, ২৮ এপ্ৰিল (হি.স.)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্বক প্ৰত্যাহ্বান জনোৱা আবেদনৰ মঙলবাৰে লক্ষ্ণৌৰ ন্যায়াধীশ মনীষ মাথুৰৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হয়। আদালতে আবেদনকাৰীক নথি-পত্ৰ দাখিল কৰিবলৈ সময় প্ৰদান কৰি পৰৱৰ্তী শুনানিৰ দিন ৭ মে’ত নিৰ্ধাৰণ কৰে। পূৰ্বে ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল যদিও এতিয়া তেওঁ গোচৰৰ পৰা আঁতৰি আহিছে।
মঙলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্বক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। এই গোচৰটো ন্যায়াধীশ মনীষ মাথুৰৰ সন্মুখত তালিকাভুক্ত কৰা হৈছিল। শুনানিৰ সময়ত আবেদনকাৰী এছ ভিগনেশ শিশিৰে প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিবলৈ সময় বিচাৰিছিল। আদালতে আবেদনকাৰীৰ অনুৰোধ মানি লৈ পৰৱৰ্তী শুনানিৰ বাবে ৭ মে’ দিন নিৰ্ধাৰণ কৰে।
উল্লেখযোগ্য যে কৰ্ণাটকত বাস কৰা বিজেপি কৰ্মী এছ বিগনেশ শিশিৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতীয় নাগৰিকত্বৰ উপৰিও ব্ৰিটিছ নাগৰিকত্ব লাভ কৰাৰ অভিযোগ উত্থাপন কৰি এফআইআৰ পঞ্জীয়নৰ দাবী জনাইছে। এই দাবী বিচাৰি তেওঁৰ আৱেদন লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতে খাৰিজ কৰে। এই আদেশৰ বিৰুদ্ধে তেওঁ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আবেদন জনায়। ১৭ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে শুনানি গ্ৰহণ কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia