
কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। বেদখলকাৰীয়ে মূল্যবান গছ-গছনি কাটি তহিলং কৰা কোকৰাঝাৰ জিলাৰ ভাৰত - ভূটান সীমান্তৰ ছিখনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ নগতে সমগ্ৰ বিটিচি অঞ্চল সেউজীয়া কৰি তোলাৰ এক প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে বনছুৱে ৷ বড়ো নেছনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনছুৱে অহা এবছৰত ছিখনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বিটিচি অঞ্চলত ৯ লাখ গছ পুলি ৰোপণৰ লক্ষ্য লৈছে ৷ সেই অনুসৰি মঙলবাৰে বনছুৱৰ উদ্যোগত আৰু বিটিচিৰ বন বিভাগৰ সহযোগত বিটিচিত ৯ লাখ গছ পুলি ৰোপণৰ সুন্দৰ কাৰ্যৰ শুভাৰম্ভণি কৰা হয় ৷
কোকৰাঝাৰ জিলাৰ হল্টুগাঁৱ বন সংমণ্ডল অন্তৰ্গত ছিখনা জৌহলাও ৰাষ্ট্ৰীয় উদ্যানৰ দীঘলী বনাঞ্চলত শুভাৰম্ভ কৰা হয় গছ পুলি ৰোপণ কাৰ্যসূচী ৷ লালি, নিম, অৰ্জুন, মেহগনি আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয় ৷ আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীত বনছু , বেচৰকাৰী সংস্থা ছিকনাঝাৰ মালটি পাৰপোছ ছ’চাইটি আৰু বন বিভাগৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ এবছৰত বিটিচিৰ পাঁচখন জিলাত মুঠ ৯ লাখ গছ পুলি ৰোপণ কৰি এক সেউজ বিপ্লৱ তথা প্ৰকৃতি সুৰক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে বনছুৱে ৷ উল্লেখ্য যে মঙলবাৰৰ পৰা আৰম্ভ হোৱা ৯ লাখ গছ পুলি ৰোপণ কাৰ্যসূচীত বনছুৰ মুখ্য উপদেষ্ট মনঞ্জয় দৈমাৰী, সভাপতি বৃটেন ইছলাৰী, সাধাৰণ সম্পাদক চাঞ্চুমা বসুমতাৰী আৰু বন বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ