চাৰি মে’ৰ পিছত পশ্চিম বংগত দ্ৰুতগতিত আৰম্ভ হ’ব নিয়োগ সম্পৰ্কীয় পাঁচটা কামঃ নৰেন্দ্ৰ মোডী
বেৰেকপুৰ, ২৭ এপ্ৰিল (হি.স.)। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ আগত এটা ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। সোমবাৰে বেৰেকপুৰত ৰোড শ্ব’ৰ পিছত নিৰ্বাচনী সমাৱেশত ভাষণ দি মোদীয়ে কয় যে ৪ মে’ৰ পিছত পশ্চিম বংগত নিয়োগ সম্
बैरकपुर में चुनावी रैली को संबोधित कर रहे प्रधानमंत्री नरेंद्र मोदी


বেৰেকপুৰ, ২৭ এপ্ৰিল (হি.স.)। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ আগত এটা ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। সোমবাৰে বেৰেকপুৰত ৰোড শ্ব’ৰ পিছত নিৰ্বাচনী সমাৱেশত ভাষণ দি মোদীয়ে কয় যে ৪ মে’ৰ পিছত পশ্চিম বংগত নিয়োগ সম্পৰ্কীয় পাঁচটা কাম দ্ৰুতগতিত আৰম্ভ হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰথমে বংগত চৰকাৰী নিযুক্তিৰ ঘোষণা সময়মতে আৰু স্বচ্ছভাৱে কৰা হ'ব, আৰু চাকৰি মেলাত যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়া হ'ব।

দ্বিতীয়তে, শীঘ্ৰে সকলো খালী পদ পূৰণ কৰা হ’ব। তৃণমূল কংগ্ৰেছৰ ভয়ৰ পৰা মুক্ত হ’ব চৰকাৰী কৰ্মচাৰী। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব সপ্তম দৰমহা আয়োগৰ সম্পূৰ্ণ সুবিধা।

তৃতীয়তে, সৃষ্টিশীল অৰ্থনীতি গঢ়ি উঠিব। বংগৰ বিদ্যালয়-মহাবিদ্যালয়ত কন্টেন্ট ক্ৰিয়েটিং লেবৰেটৰী স্থাপনৰ কাম কৰা হ’ব।

চতুৰ্থতে, গাঁৱে গাঁৱে ১২৫ দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হ’ব। গাঁৱে-ভূঞে কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা ভি বি-জি ৰামজী আইনখন কাৰ্যকৰী কৰিব বিজেপি চৰকাৰে। তদুপৰি ইয়াত পি এম বিশ্বকৰ্মা যোজনা আৰু পি এম সম্পাদ যোজনা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব।

পঞ্চমতে, নগৰীয়া পথ বিক্ৰেতাসকলে পি এম স্বনিধি যোজনাৰ সম্পূৰ্ণ সুবিধা আৰু বেংকৰ সহায় লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত কেইমাহমানৰ ভিতৰত বেৰেকপুৰ ঔদ্যোগিক এলেকাত প্ৰায় এক ডজন মৰাপাট মিল বন্ধ হৈ পৰিছে। কৰ্মসংস্থাপন সৃষ্টিকাৰী কাৰখানা বন্ধ হৈ থকাৰ সময়তে বোমা কাৰখানা প্ৰসাৰিত হৈছে আৰু গুণ্ডাক ব্যৱহাৰ কৰা হৈছে। এয়া তৃণমূল কংগ্ৰেছৰ মহান জংঘল ৰাজ!

মোদীয়ে কয় যে এই নিৰ্বাচনত তেওঁক গভীৰভাৱে চিন্তিত কৰা এটা কথা হ’ল টিএমচিৰ নেতাসকলে “মা, মাটি, মানুহ”ৰ কথাও উল্লেখ কৰা নাই। এই শ্লোগানতেই তৃণমূলে বংগত চৰকাৰ গঠন কৰিছিল, কিন্তু এতিয়া যেন পাহৰি গৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১৫ বছৰ ধৰি জনসাধাৰণে তৃণমূল কংগ্ৰেছক সুযোগ দিছে, কিন্তু তেওঁলোকে মাৰ বাবে, মহিলাৰ সুৰক্ষা আৰু কল্যাণৰ বাবে একোৱেই কৰা নাই। মাটি বা কৃষকৰ বাবে একো কৰা নাই। একেদৰে তেওঁলোকে যুৱক-যুৱতীসকলক অৱহেলা কৰিছে। তেওঁলোকৰ প্ৰয়োজন আৰু আকাংক্ষা পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে তৃণমূল চৰকাৰ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande