
কলকাতা, ২৭ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ধৰ্মীয় আৰু ৰাজনৈতিক কাৰ্যকলাপৰ মিশ্ৰণেৰে দিনটোৰ আৰম্ভণি কৰে। ৰাতিপুৱা গংগাসাগৰত উপস্থিত হয়। সাগৰত গা ধুই কপিল মুনি আশ্ৰমত প্ৰাৰ্থনা কৰি দেশ আৰু ৰাজ্যৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।
ইয়াৰ পিছতে অমিত শ্বাহ কলকাতাত উপস্থিত হয়, য’ত তেওঁ বেহালা পশ্চিম বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইন্দ্ৰনীল খানৰ সমৰ্থনত এক বৃহৎ ৰোডশ্ব’ অনুষ্ঠিত কৰে। বৃহৎ সংখ্যক দলীয় কৰ্মী, সমৰ্থক, স্থানীয় লোক উপস্থিত আছিল।
এই উপলক্ষে অমিত শ্বাহে পশ্চিম বংগত বিজেপিৰ বিজয়ৰ ওপৰত আস্থা প্ৰকাশ কৰি ৰাজ্যখনত চৰকাৰ গঠন হ’বলৈ ওলাইছে বুলি উল্লেখ কৰে। তেওঁ ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি দেশৰ সকলো নাগৰিকৰ বাবে একেধৰণৰ আইন থাকিব লাগে আৰু চাৰিটা বিবাহৰ প্ৰথা বিলুপ্ত কৰিব লাগে বুলি উল্লেখ কৰে।
অমিত শ্বাহে লগতে উল্লেখ কৰে যে নিৰ্বাচনৰ সময়ত এতিয়ালৈকে কোনো বৃহৎ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই, আৰু ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আগবাঢ়িছে। অনাগত দিনত ৰাজ্যবাসীয়ে বিজেপিক ক্ষমতালৈ আনিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে বুধবাৰে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ দিন আৰু সোমবাৰে সন্ধিয়া নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া