
কাংপকপি (মণিপুৰ), ২৭ এপ্ৰিল (হি.স.)। মণিপুৰৰ কাংপকপি জিলাৰ ডাইলি গাঁৱত অৱস্থিত এটা টায়াৰ ৱৰ্কশ্বপত অগ্নিসংযোগৰ ঘটনা সন্দৰ্ভত কাংপকপি আৰক্ষীয়ে চলোৱা তদন্তৰ ভিত্তিত তিনিজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ সূত্ৰে আজি প্ৰকাশ কৰা মতে, গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে মাংমিনহাও লটজেম, সতগৌলাল সিটলহৌ আৰু সেইগুনলাল লাংহাল। তেওঁলোক এই ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে।
ঘটনাটোৰ পিছত আৰক্ষীয়ে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছিল আৰু বিভিন্ন তথ্য-প্ৰমাণৰ আধাৰত এই অভিযান চলাই সফলতা লাভ কৰে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি আছে নে নাই সেয়া জানিবলৈ তদন্ত অব্যাহত আছে।
উল্লেখ্য় যে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষক লৈ পৰিস্থিতি উত্তাল হৈ আহিছে। ৰাজ্য়খনৰ দুই প্ৰধান জনগোষ্ঠী মেইতেই আৰু কুকু জনগোষ্ঠীৰ মাজতেই এই সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ