
তামুলপুৰ, ২৭ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলা সদৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি নাৰী শক্তিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সকলো এক হওক মূল মন্ত্ৰৰে 'জন আক্ৰোশ মহিলা সমদল' শীৰ্ষক এক বিশাল কাৰ্যসূচী অনুষ্ঠিত হয় য’ত পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰি নাৰী শক্তি বন্দন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা ইণ্ডি মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
বিটিচিৰ পাৰিষদ লক্ষী দাস (ভজন) আৰু গোৰেশ্বৰৰ এনডিএ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাৰ শেষত মহিলা সকলে শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহৰ পৰা ঘগ্ৰাচ'কলৈ এক প্ৰতিবাদী সমদল উলিয়াই নাৰী শক্তিৰ অপমান সহ্য নকৰে হিন্দুস্থান শ্লোগানেৰে তামুলপুৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।
বক্তা সকলে ভাষণ প্ৰসংগত অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, বিৰোধীয়ে তাক বাধা দি মহিলাৰ সৱলীকৰণৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আৰু অনাগত নিৰ্বাচনত দেশৰ নাৰী শক্তিয়ে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা