
- ২১ বছৰৰ পিছত টুৰ্ণামেণ্টলৈ ঘূৰি আহিব, ২ মে'ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুকলি
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ভাৰতীয় ১৭ বছৰ অনুৰ্ধ মহিলা ফুটবল দলটোৱে সোমবাৰে এ এফ চি মহিলা এছিয়ান কাপ চাইনা ২০২৬ত অংশগ্ৰহণৰ বাবে চুজৌত উপস্থিত হয় । গুৰুগ্ৰামত চমু প্ৰশিক্ষণ শিবিৰৰ অন্তত দলটোৱে চীন অভিমুখে ৰাওনা হয়।
ভাৰতীয় দলটোৱে ২১ বছৰৰ অন্তত এই সন্মানীয় প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰিছে। ২ মে’ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দলটোৱে অভিযান আৰম্ভ কৰিব, তাৰ পিছত ৫ মে’ত জাপানৰ বিৰুদ্ধে আৰু ৮ মে’ত লেবাননৰ বিৰুদ্ধে খেলিব। গ্ৰুপ বিৰ সকলো খেল ছুঝৌ টাইহু ফুটবল স্প’ৰ্টছ চেণ্টাৰত অনুষ্ঠিত হ’ব।
টুৰ্ণামেণ্টৰ ফৰ্মেট অনুসৰি প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল আৰু তিনিটা গ্ৰুপৰ প্ৰতিটোৰ পৰা তৃতীয় স্থানৰ শ্ৰেষ্ঠ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। কোৱাৰ্টাৰ ফাইনেল বিজয়ী চাৰিগৰাকীয়ে ফিফা ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ মৰক্কো ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিব।
ধাৰাবাহিক প্ৰস্তুতিৰ জৰিয়তে এটা শক্তিশালী দল
ইটালীৰ মুখ্য প্ৰশিক্ষক পামেলা কন্টিৰ নিৰ্দেশনাত ভাৰতীয় দলটোৱে তিনিমাহৰো অধিক সময় ধৰি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে, যাৰ অধিকাংশই বেংগালুৰুত অনুষ্ঠিত হয়।
১৭ বছৰ অনুৰ্ধৰ দল হোৱাৰ পিছতো ভাৰতে ফেব্ৰুৱাৰী মাহত ১৯ বছৰ অনুৰ্ধ মহিলা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল। মাৰ্চ মাহত ইয়াংগনত ম্যানমাৰৰ বিৰুদ্ধে দুখন প্ৰীতি মেচতো দলটোৱে জয়লাভ কৰিছিল।
চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ ছোচিত তিনিখন প্ৰীতি মেচ খেলিছিল দলটোৱে। যদিও তেওঁলোকে সকলো মেচতে পৰাস্ত হৈছিল, তথাপিও শক্তিশালী দলৰ বিৰুদ্ধে খেলি তেওঁলোকে মূল্যৱান অভিজ্ঞতা লাভ কৰিছিল।
ভাৰতীয় দল
গ’লৰক্ষক : মুন্নী, সুৰজমুনি কুমাৰী, তাম্ফাছানা দেৱী কনজেংবাম।
ডিফেণ্ডাৰ : অভিস্তা বাছনেট, আলেনা দেৱী সাৰংথেম, আলিছা লিংডোহ, দিব্যানি লিণ্ডা, এলিজাবেথ লাকৰা, জয়ছনি চানু হুইড্ৰম, ৰিতু বৰাইক, টানিয়া দেৱী টোনাম্বম।
মিডফিল্ডাৰ : আলভা দেৱী চেঞ্জাম, বনিফিলিয়া শ্বুল্লাই, জুলান নংমাইথাম, অলিভিয়া চানু নিংথৌজাম, প্ৰীতিকা বৰ্মন, ৰেডিমা দেৱী চিংখামায়ুম, থাণ্ডামনি বাস্কে
ফৰৱাৰ্ড : অনুষ্কা কুমাৰী, অনবিতা ৰঘুৰমণ, জয়া, পাৰ্ল ফাৰ্নাণ্ডেছ, ভেলাইনা ফাৰ্নাণ্ডেছ
কোচিং ষ্টাফ
মুখ্য প্ৰশিক্ষক: পামেলা কন্টি
সহকাৰী প্ৰশিক্ষক: ভিনচেনজো কন্টি, নিভেথা ৰামাডোছ
গ’লৰক্ষক প্ৰশিক্ষক: মাৰিঅ’ আগুয়াৰ
ফিটনেছ কোচঃ অমিত যাদৱ
ভাৰতৰ সূচী
২ মে’, বিয়লি ৫ বজাত: অষ্ট্ৰেলিয়া বনাম ভাৰত।
৫ মে’, বিয়লি ৫ বজাত: ভাৰত বনাম জাপান।
৮ মে’, ১ বজাত: ভাৰত বনাম লেবানন।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া