সমগ্ৰ ফিফা বিশ্বকাপৰ পৰা বাহিৰ নেদাৰলেণ্ডৰ মিডফিল্ডাৰ জেভি ছিমনছ
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পূর্বে নেদাৰলেণ্ডে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে মিডফিল্ডাৰ জেভি ছিমনছক সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে। টটেনহাম হটস্পাৰৰ হৈ খেলা জেভি ছিমনছে উলভ
নেদাৰলেণ্ডৰ মিডফিল্ডাৰ জেভি ছিমনছ


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পূর্বে নেদাৰলেণ্ডে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে মিডফিল্ডাৰ জেভি ছিমনছক সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে।

টটেনহাম হটস্পাৰৰ হৈ খেলা জেভি ছিমনছে উলভাৰহামপটন ৱাণ্ডাৰাৰছৰ বিৰুদ্ধে খেলৰ সময়ত আঘাতপ্ৰাপ্ত হয়। ৬৩ মিনিটত তেওঁক খেলপথাৰৰ পৰা ষ্ট্ৰেচাৰ কৰি উলিয়াই দিয়া হয়। প্ৰাৰম্ভিক প্ৰতিবেদনত তেওঁৰ সোঁ আঁঠুৰ আগফালৰ ক্ৰুচিয়েট লিগামেণ্টত গুৰুতৰ আঘাত পোৱাৰ কথা উল্লেখ কৰা হৈছে।

২৩ বছৰীয়া ছাইমনছে ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, কেতিয়াবা জীৱনটো অতি কঠোৰ যেন লাগে, আৰু আজিও তেনেকুৱা এটা দিন। মোৰ ছিজন হঠাতে শেষ হৈছে, আৰু ইয়াক বুজিবলৈ কঠিন। মই গভীৰভাৱে দুখী। মই মাত্ৰ মোৰ দলৰ হৈ খেলিব বিচাৰিছিলো, কিন্তু এতিয়া সেই সুযোগ মোৰ পৰা কাঢ়ি লোৱা হৈছে... আৰু বিশ্বকাপৰ পৰাও।

জেভি ছিমনছক প্ৰশিক্ষক ৰ’নাল্ড ক’মেনৰ দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। ২০২২ চনত অভিষেক ঘটোৱা এইটো তেওঁৰ দ্বিতীয়টো বিশ্বকাপ হ’লহেঁতেন।এতিয়ালৈকে তেওঁ ৩৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

টটেনহামৰ সমস্যা বৃদ্ধি এই আঘাতৰ বাবে ইতিমধ্যে এই ছিজনত সংগ্ৰাম কৰি থকা টটেনহাম হটস্পাৰৰ বাবে এক ডাঙৰ আঘাত। টেবুলৰ তলত লাজ লাগি থকা দলটোৱে ৰেলিগেচনৰ ভাবুকিৰ সন্মুখীন হৈছে।

জেভি ছিমনছৰ আঘাতৰ বাবে কেৱল তেওঁৰ কেৰিয়াৰৰ বাবেই নহয়, নেদাৰলেণ্ড আৰু টটেনহাম দুয়োটা দলৰ বাবেও ডাঙৰ ক্ষতি। তেওঁৰ অবিহনে এতিয়া দলটোৱে নতুন কৌশল ৰচনা কৰিব লাগিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande