আই পি এল ২০২৬ : অংকৃশ ৰঘুবংশীক মেচ মাচুলৰ ২০ শতাংশ জৰিমনা, এটা ডিমেৰিট পইণ্টো লাভ
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ৩৮ সংখ্যক মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে প্ৰদৰ্শনৰ সময়ত কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেন তথা উইকেটকীপাৰ অংকৃশ ৰঘুবংশীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰঘুবংশ
अंगकृष रघुवंशी


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ৩৮ সংখ্যক মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে প্ৰদৰ্শনৰ সময়ত কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেন তথা উইকেটকীপাৰ অংকৃশ ৰঘুবংশীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰঘুবংশীয়ে মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহা হোৱাৰ লগতে এটা ডিমেৰিট পইণ্টো লাভ কৰিছে।

আই পি এলৰ আচৰণ বিধিৰ লেভেল ১ উলংঘাৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰঘুবংশীক ২.২ অনুচ্ছেদত দোষী সাব্যস্ত কৰা হৈছিল, যিটো অনুচ্ছেদ মেচৰ সময়ত ক্ৰিকেটৰ সঁজুলি, কাপোৰ বা মাটিৰ সামগ্ৰীৰ অপব্যৱহাৰৰ সৈতে জড়িত।

ইনিংছৰ পঞ্চম অভাৰত খেলপথাৰত বাধা দিয়াৰ বাবে ৰঘুবংশীক গিভ আউট কৰা হয়। তাৰ পিছত তেওঁ খঙেৰে বাউণ্ডেৰী কুশ্বনটোত বেটখনেৰে আঘাত কৰিলে আৰু তাৰ পিছত আক্ৰমণাত্মকভাৱে হেলমেটটো ডাগআউটৰ ফালে দলিয়াই দিলে।

ৰঘুবংশীয়ে নিজৰ ভুল স্বীকাৰ কৰি মেচ ৰেফাৰীয়ে দিয়া অনুমোদন মানি লৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande