
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত ২৬ এপ্ৰিলৰ দিনটো বলাৰৰ বাবে আছিল, ছুপাৰ অভাৰকে ধৰি দুখন মেচত মুঠ ২৬টা উইকেট পৰিছিল। এই প্ৰদৰ্শনে পাৰ্পল কেপ দৌৰত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে।
চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে উজ্জ্বল বলিং কৰি কাগিছ’ ৰাবাডাই চাৰি অভাৰত ২৫ ৰানত তিনিটা উইকেট দখল কৰি তেওঁৰ দল গুজৰাট টাইটানছক ৮ উইকেটৰ জয়ৰ দিশত আগুৱাই লৈ যায়।
চেন্নাইৰ খেলপথাৰত থকা আৰ্দ্ৰতাই বেগী বলাৰসকলক অতিৰিক্ত সহায় আগবঢ়াইছিল, যাৰ সম্পূৰ্ণ সুযোগ ৰাবাদাই লৈছিল। তেওঁ নিজৰ গতি আৰু অতিৰিক্ত বাউন্সেৰে বেটছমেনসকলক ধাৰাবাহিকভাৱে অশান্তি দিছিল।
এই প্ৰদৰ্শনেৰে এতিয়া ৰাবাদাই ৮খন মেচত ১৩টা উইকেটৰে পাৰ্পল কেপ তালিকাত যৌথভাৱে তৃতীয় স্থানত আছে। ইফালে ১৪টাকৈ উইকেটৰে শীৰ্ষত আছে অংশুল কামোজ আৰু ঈশান মালিংগা।
অৰেঞ্জ কেপত বৃহৎ পৰিবৰ্তন
বেটিঙত অৰেঞ্জ কেপৰ দৌৰ এদিনতে সম্পূৰ্ণৰূপে সলনি হৈ গ’ল। ২৪ ঘন্টাৰ ভিতৰতে প্ৰথম স্থানৰ পৰা পঞ্চম স্থানলৈ পিছলি যায় বিৰাট কোহলি।
দিল্লীত খেলা মেচখনত কে এল ৰাহুলে অপৰাজিত ১৫২ ৰান সংগ্ৰহ কৰি ২০ অভাৰৰ ফৰ্মেটত ভাৰতীয়ৰ সৰ্বাধিক স্ক’ৰ কৰি ৩৫৭ ৰান সংগ্ৰহ কৰি শীৰ্ষ স্থান দখল কৰে।
অৱশ্যে জয়পুৰত যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ৩৭ বলত ১০৩ ৰানৰ ইনিংছেৰে ৰাহুলৰ ৩৫৭ ৰানৰ সমান কৰি উন্নত ষ্ট্ৰাইক ৰেটৰ ফলত অৰেঞ্জ কেপ দখল কৰে।
কিছু সময়ৰ পাছতে অভিষেক শৰ্মাই ২৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰি ৩৮০ ৰানেৰে বেটিং তালিকাৰ শীৰ্ষ স্থান দখল কৰে।
৩৮০ ৰানেৰে প্ৰথম স্থানত আছে অভিষেক শৰ্মা। দ্বিতীয় আৰু তৃতীয় স্থানত আছে বৈভৱ সূৰ্য্যবংশী আৰু কে এল ৰাহুলে ৩৫৭ ৰানকৈ।
হাইনৰিখ ক্লাচেনে ৩৪৯ ৰান সংগ্ৰহ কৰি চতুৰ্থ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে শ্বুবমান গিল (৩৩০ ৰান) আৰু বিৰাট কোহলী (৩২৮ ৰান) পিছ পৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া