সোণাপুৰ আৰক্ষীৰ জালত যুৱতীসহ চাৰিজনীয়া প্ৰৱঞ্চকৰ দল
চৰাইদেউ, ২৭ এপ্ৰিল (হি.স.)। সোণাপুৰ আৰক্ষীৰ জালত যুৱতীসহ চাৰিজনীয়া প্ৰৱঞ্চকৰ দল। বিলাসী ব্ৰেজা বাহন বিক্ৰয়ৰ নামত প্ৰতাৰণা কৰিছিল যোৰহাটৰ বঙাল পুখুৰীৰ বিক্ৰম সেন সোনোৱাল নামৰ লোকজনক। সোণাপুৰৰ ৰাহুল চৌধুৰী,আমিত বড়ো , ৰাজিবুল হক আৰু এগৰাকী যুৱতী
সোণাপুৰ আৰক্ষীৰ জালত যুৱতীসহ চাৰিজনীয়া প্ৰৱঞ্চকৰ দল,,


চৰাইদেউ, ২৭ এপ্ৰিল (হি.স.)। সোণাপুৰ আৰক্ষীৰ জালত যুৱতীসহ চাৰিজনীয়া প্ৰৱঞ্চকৰ দল। বিলাসী ব্ৰেজা বাহন বিক্ৰয়ৰ নামত প্ৰতাৰণা কৰিছিল যোৰহাটৰ বঙাল পুখুৰীৰ বিক্ৰম সেন সোনোৱাল নামৰ লোকজনক।

সোণাপুৰৰ ৰাহুল চৌধুৰী,আমিত বড়ো , ৰাজিবুল হক আৰু এগৰাকী যুৱতীয়ে এ এছ ০১ জি জে ০৭০৬ নম্বৰৰ চেকেণ্ড হেণ্ড ব্ৰেজা বাহন বিক্ৰী কৰিম বুলি কৈ ভুক্তভোগীৰ পৰা সংগ্ৰহ কৰিছিল নগদ পাঁচ লাখ টকা।

পৰৱৰ্তী পৰ্যায়ত বাহনখন দিয়াৰ সময়ত বিভিন্ন অজুহাত দেখুৱাই আহিছিল লোকজনক। অৱশেষত বিক্ৰম সেন সোনোৱালে সোণাপুৰ আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে নিশা আটক কৰে এই প্ৰৱঞ্চকৰ দলটোক।

ইতিমধ্যে ধৃত আটাইকেইজন প্ৰৱঞ্চকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে সোণাপুৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande