খাৰুপেটীয়াত লেহেমিয়া গতিত অনিয়মৰ মাজেৰে পকী পথ নিৰ্মাণৰ অভিযোগ ৰাইজৰ
দৰং, ২৭ এপ্ৰিল (হি.স.)। খাৰুপেটীয়াত শামুকীয়া গতিত অনিয়মৰ মাজেৰে পকী পথ নিৰ্মাণৰ অভিযোগ ৰাইজৰ । ৪ কোটি ৩৬ লাখ টকাৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এই পথ নিৰ্মাণ কাৰ্য্যত ঠিকাদাৰজনে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ ৰাইজৰ । নাম ফলকত উল্লেখ থকা মতে নাবাৰ্
খাৰুপেটীয়াত লেহেমিয়া গতিত অনিয়মৰ মাজেৰে পকী পথ নিৰ্মাণৰ অভিযোগ ৰাইজৰ


দৰং, ২৭ এপ্ৰিল (হি.স.)। খাৰুপেটীয়াত শামুকীয়া গতিত অনিয়মৰ মাজেৰে পকী পথ নিৰ্মাণৰ অভিযোগ ৰাইজৰ । ৪ কোটি ৩৬ লাখ টকাৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এই পথ নিৰ্মাণ কাৰ্য্যত ঠিকাদাৰজনে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ ৰাইজৰ । নাম ফলকত উল্লেখ থকা মতে নাবাৰ্ডৰ অধীনত ২০২৪/২৫ বৰ্ষৰ উক্ত কামটো এলাইট এজেঞ্চি ৰ নামত ঠিকাৰ আৱণ্টন দিছে বিভাগীয় কৰ্তৃপক্ষই ।

দৰং জিলাৰ খাৰুপেটীয়াৰ অচিনতলাৰ পৰা বদলিবৈৰালী এল পি স্কুললৈ যোৱা চাৰি কিলোমিটাৰ পকী পথ নিৰ্মাণৰ কাম প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমানে যোৱা ২০২৫ ইং বৰ্ষৰ এপ্ৰিল মাহত শুভাৰম্ভ কৰিছিল যদিও আজিলৈকে চাৰিভাগৰ এভাগো কাম নোহোৱাৰ ফলত যমৰ যাতনাত ভুগিছে সৰ্বসাধাৰণ ৰাইজ । পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ ফলত যান বাহন, স্কুলৰ ছাত্ৰ ছাত্ৰী , কৃষক সকলৰ কৃষিজাত সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে । পথটোৰ কাম বহু দিনৰে পৰা হৈ থকাত সঘনাই সংঘটিত হৈছে পথ দুৰ্ঘটনা।অতি শীঘ্ৰেই পথটো নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰি সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত সূচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰক দাবী জনায় অঞ্চলটোত ৰাইজ

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande