সাংগাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ৯৮ গৰাকী প্ৰাক্তন নেপালী ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ বিপন্ন
কাঠমাণ্ডু, ২৭ এপ্ৰিল (হি.স.)। ভাৰতৰ মণিপুৰৰ সাংগাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ৯৮ গৰাকী প্ৰাক্তন নেপালী ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ (শৈক্ষিক ডিগ্ৰী) বিপদত পৰিছে। এই সন্দৰ্ভত তদন্ত চলাই থকা নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰি ৩
मणिपुर स्थित संगाई इंटरनेशनल यूनिवर्सिटी


কাঠমাণ্ডু, ২৭ এপ্ৰিল (হি.স.)। ভাৰতৰ মণিপুৰৰ সাংগাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ৯৮ গৰাকী প্ৰাক্তন নেপালী ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণ পত্ৰ (শৈক্ষিক ডিগ্ৰী) বিপদত পৰিছে। এই সন্দৰ্ভত তদন্ত চলাই থকা নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰি ৩৫ দিনৰ ভিতৰত ডিগ্ৰীৰ বৈধতা প্ৰমাণ কৰা নথি দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২৪ চনৰ ১৫ মে’ত মণিপুৰৰ সাংগাই আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ক স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ তালিকাৰ পৰা আঁতৰাই দিয়ে। তদুপৰি বিশ্ববিদ্যালয়খনে প্ৰদান কৰা শৈক্ষিক ডিগ্ৰীসমূহ উচ্চ শিক্ষা আৰু চৰকাৰী চাকৰিৰ বাবে অবৈধ বুলি ঘোষণা কৰা হয়। এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সমতুল্যতাৰ প্ৰমাণ পত্ৰ লাভৰ বাবে ত্ৰিভুৱন বিশ্ববিদ্যালয়ত আবেদন কৰিছিল। ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম উন্নয়ন কেন্দ্ৰই এইসকল ছাত্ৰ-ছাত্ৰীৰ সবিশেষ ৰাজহুৱা কৰিছে।

বিশ্ববিদ্যালয়ৰ জাননীত উল্লেখ কৰা হৈছে, আপোনাৰ নামত এই কেন্দ্ৰটোৱে প্ৰদান কৰা সমতুল্যতাৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হৈছে। গতিকে এই জাননী প্ৰকাশৰ তাৰিখৰ পৰা ৩৫ দিনৰ ভিতৰত আপোনাৰ সমতুল্যতাৰ প্ৰমাণ পত্ৰৰ মূল আৰু লাভ কৰা শৈক্ষিক ডিগ্ৰীৰ বৈধতা প্ৰমাণ কৰা যিকোনো নথি লিখিতভাৱে এই কেন্দ্ৰত জমা দিব লাগে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande