সোণাৰিৰ যুৱক কৰ্ম সংস্থাপন বিচাৰি বহি ৰাজ্যলৈ যোৱা ব্যক্তি সন্ধানহীন
চৰাইদেউ, ২৭ এপ্ৰিল (হি.স.)। সোণাৰিৰ যুৱক কৰ্ম সংস্থাপন বিচাৰি বহি ৰাজ্যলৈ যোৱা ব্যক্তি সন্ধানহীন। সোণাৰিৰ শিঙৰিতলী বঙালী গাৱঁৰ লজেন ৰাজবংশী (৩৫) নামৰ ব্যক্তি জন যোৱা ১১ দিন পূৰ্বে ঘৰৰ পৰা বাংগালোৰৰ দিশে কৰ্মসংস্থাপন বিছাৰি স্থানীয় যুৱকৰ সৈতে ৰে
সোণাৰিৰ যুৱক কৰ্ম সংস্থাপন বিচাৰি বহি ৰাজ্যলৈ যোৱা ব্যক্তি সন্ধানহীন


চৰাইদেউ, ২৭ এপ্ৰিল (হি.স.)। সোণাৰিৰ যুৱক কৰ্ম সংস্থাপন বিচাৰি বহি ৰাজ্যলৈ যোৱা ব্যক্তি সন্ধানহীন।

সোণাৰিৰ শিঙৰিতলী বঙালী গাৱঁৰ লজেন ৰাজবংশী (৩৫) নামৰ ব্যক্তি জন যোৱা ১১ দিন পূৰ্বে ঘৰৰ পৰা বাংগালোৰৰ দিশে কৰ্মসংস্থাপন বিছাৰি স্থানীয় যুৱকৰ সৈতে ৰেল যোগে ঘৰৰ পৰা ৰাওনা হৈছিল।

ব্যক্তিজন কৰ্মস্থলী পোৱাৰ আগতেই নিৰুদ্দেশ বিশাসাপটনমত পৰিয়ালক লগত যোৱা যূৱক কেইজনে জানিবলৈ দিছে।

ব্যক্তি জনৰ সন্ধানহীন হোৱাৰ সন্দৰ্ভত ব্যক্তি জনৰ পত্নী আশা নাগবংশীয়ে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে।অভিযোগ অনুসৰি আমগুৰিৰ বাপ্পী চন্দ নামৰ ঠিকাদাৰ জনে ব্যক্তিজনক কৰ্মসংস্থাপন দিয়াৰ নামত লৈ গৈছিল বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande