
দৰং, ২৭ এপ্ৰিল (হি.স.)। বোকাময় পথ মেৰামতি কৰিবলৈ ওলাই আহিছে ছিপাঝাৰ সমষ্টিৰ একাংশ পুৰুষ মহিলা। দীৰ্ঘদিনে পঞ্চায়ত তথা জনপ্ৰতিনিধিৰ চকুত নপৰা চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱা মেৰামতি কৰিবলৈ সমূহীয়া ভাৱে ওলাই আহিছে স্থানীয় ৰাইজ।
গাঁওখনত এটি পকী কালভাৰ্ট অভাৱৰ বাবে এইদৰে ৰাইজে শ্ৰমদান কৰি পথ মেৰামতিৰ ব্যৱস্থা কৰিছে। কথাতে আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপত বাক্যশাৰী যেন সচা প্ৰমাণ কৰি চৰকাৰ তথা জনপ্ৰতিনিধিৰ আশ্বাসলৈ ৰখি নাথাকি নিজে শ্ৰমদান কৰি মেৰামতি কৰিলে গাওঁখনৰ জৰাজীৰ্ণ পথছোৱা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা