
গেংটক, ২৭ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণৰ বাবে সোমবাৰে বিয়লি ছিকিমৰ ৰাজধানী গেংটকত উপস্থিত হয় । ৰাজধানীৰ সমীপৰ লিবিং আৰ্মীৰ হেলিপেডত অৱতৰণ কৰে আৰু তেওঁক মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙ, ৰাজ্যিক বিজেপিৰ সভাপতি ডি.আৰ. থাপা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে উষ্ম আদৰণি জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰোড শ্ব’ৰ জৰিয়তে লোকভৱনৰ দিশে আগবাঢ়িছে। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱা বৃহৎ সংখ্যক লোকে তেওঁক আদৰিবলৈ পথৰ দাঁতিত শাৰী পাতিছিল। ৰাইজে উৎসাহেৰে তেওঁক শ্লোগানেৰে সম্ভাষণ জনায়। প্ৰধানমন্ত্ৰী মোদীয়েও হাত জোকাৰি শুভেচ্ছা গ্ৰহণ কৰে। ৰাতিপুৱাৰ পৰাই মানুহবোৰে তেওঁক আদৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডী ছিকিম ভ্ৰমণত আছে। কাইলৈ তেওঁ ছিকিমৰ ৫০ বছৰীয়া ৰাজ্যৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ