উচ্চতম ন্যায়ালয়ে মহিলা অধিবক্তাৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত স্বজ্ঞান, জ্যেষ্ঠ মহিলা বিষয়াৰ তদন্তৰ নিৰ্দেশ
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। দিল্লীত এগৰাকী মহিলা অধিবক্তাৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্বত গুৰুত্ব লৈছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে দিল্লী আৰক্ষী আয়ুক্তক এই গোচৰৰ তদন্ত এচিপি বা ডিচিপি ৰেংকৰ এগৰাকী
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। দিল্লীত এগৰাকী মহিলা অধিবক্তাৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্বত গুৰুত্ব লৈছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে দিল্লী আৰক্ষী আয়ুক্তক এই গোচৰৰ তদন্ত এচিপি বা ডিচিপি ৰেংকৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে আদালতে তদন্তকাৰী বিষয়াক নিৰ্দেশ দিয়ে যে ভুক্তভোগী মহিলা অধিবক্তাগৰাকীক ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা তিনিখন চিকিৎসালয়ৰ তদন্ত কৰিবলৈও নিৰ্দেশ দিয়ে। শুনানিৰ সময়ত দিল্লী আৰক্ষীক প্ৰতিনিধিত্ব কৰি এ এছ জি ঐশ্বৰ্য ভাটীয়ে উল্লেখ কৰে যে এই গোচৰত এফ আই আৰ ৰুজু হৈছে আৰু ২৫ আৰু ২৬ এপ্ৰিলৰ মাজৰ নিশা ছোনিয়া বিহাৰৰ পৰা ভুক্তভোগীৰ স্বামী মনোজ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে।মনোজৰ বিৰুদ্ধে ২২ এপ্ৰিলত পত্নীক দাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । সোধা-পোছাৰ সময়ত মনোজে স্বীকাৰ কৰে যে তেওঁ নিজৰ পত্নীক পাৰিবাৰিক বিবাদৰ বাবে আক্ৰমণ কৰিছিল ।

শুনানিৰ সময়ত আদালতে লক্ষ্য কৰে যে অভিযোগ অনুসৰি মহিলা অধিবক্তাগৰাকীৰ শহুৰেকৰ ঘৰে তেওঁৰ দুটা নাবালক সন্তানক লগত লৈ গৈছিল আৰু তেওঁলোকৰ অৱস্থা অজ্ঞাত। নাবালক শিশু দুটাৰ সন্ধান উলিয়াবলৈ আদালতে তদন্তৰ নিৰ্দেশ দিয়ে। আদালতে তদন্তকাৰী বিষয়াক তদন্তৰ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande