উচ্চতম ন্যায়ালয়ে সঞ্জয় কাপুৰৰ মাতৃক মধ্যস্থতাৰ জৰিয়তে সম্পত্তিৰ বিবাদ নিষ্পত্তি কৰিবলৈ পৰামৰ্শ
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। প্ৰয়াত উদ্যোগপতি সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰ আৰু প্ৰিয়া কাপুৰৰ মাজত সোনা গ্ৰুপৰ পৰিয়ালৰ ট্ৰাষ্টক লৈ হোৱা বিবাদক বিষয়টো সমাধানৰ বাবে মধ্যস্থতালৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ নেতৃ
सुप्रीम कोर्ट (फाइल फोटो)


নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। প্ৰয়াত উদ্যোগপতি সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰ আৰু প্ৰিয়া কাপুৰৰ মাজত সোনা গ্ৰুপৰ পৰিয়ালৰ ট্ৰাষ্টক লৈ হোৱা বিবাদক বিষয়টো সমাধানৰ বাবে মধ্যস্থতালৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে এই দীৰ্ঘদিনীয়া উত্তৰাধিকাৰ যুদ্ধই ৮০ বছৰীয়া বৃদ্ধাগৰাকীৰ কোনো লাভ নহ’ব।

শুনানিৰ সময়ত আদালতে সুধিলে, আপুনি কিয় যুঁজি আছে? আপোনাৰ ক্লায়েণ্টৰ বয়স যুঁজিবলৈ যথেষ্ট নহয়। আপুনি মধ্যস্থতাৰ জৰিয়তে বিষয়টো সমাধান কৰিব লাগে। আদালতে কয় যে গোচৰটো দীঘলীয়া কৰাৰ কোনো উদ্দেশ্য নাই, বিশেষকৈ বৃদ্ধ বয়সত।

সঁচাকৈয়ে প্ৰয়াত উদ্যোগপতি সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰে পৰিয়ালৰ ট্ৰাষ্ট আৰ কে ফেমিলি ট্ৰাষ্ট ভংগ কৰিবলৈ বিচাৰিছে। ৰাণী কাপুৰে তেওঁৰ আবেদনত উল্লেখ কৰিছে যে আৰ কে ফেমিলি ট্ৰাষ্ট গঠন আৰু পৰিচালনাৰ পৰিস্থিতি প্ৰশ্নবোধক।

আবেদনখনত উল্লেখ আছে যে আবেদনকাৰীৰ অজ্ঞাতে বা সন্মতি অবিহনে আৰ কে ফেমিলি ট্ৰাষ্ট গঠন কৰা হৈছিল। এই কাৰণে আবেদনকাৰীক ট্ৰাষ্টৰ পৰা বাদ দিয়া হৈছিল। ট্ৰাষ্টৰ সকলো সম্পত্তি তাইৰ আছিল যদিও ট্ৰাষ্ট গঠন হোৱাৰ সময়ত তাইক খবৰ দিয়া হোৱা নাছিল। ট্ৰাষ্ট গঠনৰ সময়ত তাইৰ হাৰ্ট ষ্ট্ৰোক হৈছিল, যাৰ বাবে তাইৰ স্বাস্থ্যৰ অৱস্থা বেয়া হৈছিল। ৰাণী কাপুৰে উল্লেখ কৰিছে যে তেওঁ ট্ৰাষ্টৰ নথি-পত্ৰত বিষয়বস্তু নাজানি স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল। কিছুমান খালী কাগজত তেওঁৰ চহী লোৱা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande