
অভিনেতা ৰনদীপ হুডাৰ জনপ্ৰিয় ৱেব ছিৰিজ ‘ইন্সপেক্টৰ অবিনাশ’ৰ দ্বিতীয় ছিজন আনুষ্ঠানিকভাৱে ঘোষণা। প্ৰথম ছিজনটোৱে দৰ্শকে সমাদৰ লাভ কৰিছিল, ২০২৩ চনত জিঅ’ হটষ্টাৰত প্ৰিমিয়াৰ হৈছিল।এতিয়া নতুন ছিজনৰ টিজাৰ মুকলি কৰি পুনৰবাৰ দৰ্শকৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে মেকাৰসকলে।
প্ৰায় ৪০ ছেকেণ্ডৰ এই টিজাৰটো একচন আৰু ৰোমাঞ্চৰে ভৰি থকা যেন লাগে। ইয়াত বিস্ফোৰক সংঘৰ্ষ, ক্ৰমাৎ বৃদ্ধি পোৱা বিপদ, আৰু কঠিন পৰিস্থিতিৰ ইংগিত দিয়া হৈছে, যাৰ ফলত স্পষ্ট হৈ পৰিছে যে এইবাৰ কাহিনীটো অধিক তীব্ৰ আৰু প্ৰত্যাহ্বানমূলক হ’ব। নব্বৈৰ দশকত উত্তৰ প্ৰদেশত পৰিৱেশিত এই ধাৰাবাহিকখনত অপৰাধ আৰু আইনৰ মাজৰ সংঘাতৰ চিত্ৰণ কৰা হৈছে।
জিঅ’ ষ্টুডিঅ’ৰ সহযোগত নীৰজ পাঠক আৰু কৃষ্ণ চৌধাৰীয়ে প্ৰযোজনা কৰা এই ধাৰাবাহিকখনৰ পৰিচালনাও কৰিছে নীৰজ পাঠকে। নতুন ছিজনত উৰ্বশী ৰাউটেলা, অমিত ছিয়াল, ৰজনীশ ডুগল, অভিমন্যু সিং, শ্বালিন ভানোট, আৰু ফ্ৰেডী দাৰুৱালাই অংশগ্ৰহণ কৰিব। বৰ্তমান মুক্তিৰ তাৰিখ অপেক্ষা কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া