
গোৱালপাৰা, ২৭ এপ্ৰিল (হি.স.): গোৱালপাৰা জিলাৰ দোমনীত যোৱা কালি দেওবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৪৬ নং ৰাজ্যিক ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দোমনীৰ এটা দ খাৱৈত বাগৰি পৰে এখন বলেৰ' বাহন।
জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হোৱা এএছ ১২ এএফ ৪৫২৪ নম্বৰৰ এই বাহনখন মৰনৈৰ ডাকাইদলৰ চুলতান মামুদ নামৰ লোকজনৰ। পৰিয়ালৰ সদস্যসকলৰ সৈতে মাটিয়াৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাতে মাজবাটত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হয়। বাহনখনত আছিল একেটা পৰিয়ালৰে মুঠ ৬ গৰাকী লোক। সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতো চালকসহ আটাইকেইগৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে। অৱশ্যে দুৰ্ঘটনাটোত কেইবাগৰাকীও যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ততাতৈয়াকৈ উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ