
কাৰ্বিআংলং, ২৭ এপ্ৰিল (হি.স.)। বোকাজানৰ কুলিগাওঁ হাঞ্চে বস্তিত বাছ আৰু বলেৰ পিকাপৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা। ডিফুৰ পৰা দলা মৰা অভিমুখী এ এছ ০৯ এ চি ৮৭৮১ নম্বৰৰ যাত্ৰীবাহি বাছ আৰু বোকাজানৰ দিশ ৰ পৰা গৈ থকা এন এল ০১ এ ই ১০৯৯ নম্বৰৰ বলেৰ পিকআপৰ মাজত সংঘটিত হয় মুখা মুখী সংঘৰ্ষ।
দুৰ্ঘটনা ফলত বাছ খনৰ ১৫ জনকৈ ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাছ খনৰ চালক বীৰেন ৰংফাৰ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।বৰ্তমান আঘাতপ্ৰাপ্ত যাত্ৰী সকলক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ