
চিৰাং, ২৭ এপ্ৰিল (হি.স.)। বিজনীৰ পুৰণি বাছ আস্থানত আজি ভয়ংকৰ পথ দুৰ্ঘটনা।এখন মালবাহী বলেৰ' পিক আপ ভানে খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত হয় দুজন ব্যক্তি।আহতদ্বয় ক্ৰমে বঙাইগাঁও জিলাৰ মৌতাৰা নিবাসী অমিত বসুমতাৰী(৫৫) আৰু বিজনীৰ ফাগুণাগাঁও নিবাসী প্ৰাণবাসী বৰ্মনক(৫৫) বিজনী ভেটাগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে প্ৰাণবাসী বৰ্মনক মৃত বুলি ঘোষণা কৰে। আনহাতে অমিত বসুমতাৰীকো উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য এ এছ ০৭ বিচি ৭৯৮৮ নম্বৰৰ মালবাহী বলেৰ' পিক-আপ গাড়ীখন বিজনীৰ পৰা গেৰুকাবাৰী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ব্যক্তি দুখজনক।ইয়াৰে আহত অমিত বসুমতাৰী এজন টেম্পো চালক বুলি জানিব পৰা গৈছে।বিজনী আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে যদিও চালকজন পলাতক বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত বিজনী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ