বিলাসীপাৰাত বিজেপি মহিলা মোৰ্চাৰ প্ৰতিবাদ
ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। বিলাসীপাৰাৰ ৰাজপথো আজি বিজেপি’ৰ মহিলা মৰ্চা’ৰ বিষয়-ববীয়া আৰু কাৰ্যকৰ্তাই কঁপাই তোলে।নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬’ৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমুহে লোৱা স্থিতিৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে ব
বিলাসীপাৰাত বিজেপি মহিলা মোৰ্চাৰ প্ৰতিবাদ


ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। বিলাসীপাৰাৰ ৰাজপথো আজি বিজেপি’ৰ মহিলা মৰ্চা’ৰ বিষয়-ববীয়া আৰু কাৰ্যকৰ্তাই কঁপাই তোলে।নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬’ৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমুহে লোৱা স্থিতিৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে বিজেপি’ৰ মহিলা মৰ্চাই।বিলাসীপাৰা জিলা বিজেপি’ৰ কাৰ্যালয় প্ৰাংগণৰ পৰা মহিলা মৰ্চাৰ শতাধিক কৰ্ম-কৰ্তাই উলিয়ায় আজিৰ প্ৰতিবাদী সমদল।

মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰীমা গোহাঁই নাথৰ নেতৃত্বত উলিওৱা সমদলকাৰী সকলে কংগ্ৰেছ তথা বিৰোধী দল সমুহৰ বিৰুদ্ধে বিভিন্ন শ্লোগানৰে পৰিস্থিতি উত্তাল কৰি তোলে।সমদলকাৰী সকলে নাৰী শক্তি বিৰোধী স্থিতি পৰিহাৰ কৰিবলৈ দাবী উত্থাপন কৰে।সংসদত উত্থাপিত বিধেয়ক কাৰ্যকৰী নহোৱালৈকে এনেদৰে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰি থাকিব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande