যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা জন আক্ৰোশ মহিলা পদযাত্ৰা
যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। নাৰীৰ অধিকাৰৰ ওপৰত প্ৰহাৰ কংগ্ৰেছ জিম্মেদাৰ যোৰহাট জিলা বিজেপি মহিলা মৰ্চাই আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা জন আক্ৰোশ মহিলা পদযাত্ৰা বাহিৰ কৰে । উল্লেখ্য যে, কংগ্ৰেছ তথা ''ইণ্ডি'' মিত্ৰজোঁটৰ নাৰী-বিৰোধী চক্
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা জন আক্ৰোশ মহিলা পদযাত্ৰা


যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। নাৰীৰ অধিকাৰৰ ওপৰত প্ৰহাৰ কংগ্ৰেছ জিম্মেদাৰ যোৰহাট জিলা বিজেপি মহিলা মৰ্চাই আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা জন আক্ৰোশ মহিলা পদযাত্ৰা বাহিৰ কৰে ।

উল্লেখ্য যে, কংগ্ৰেছ তথা 'ইণ্ডি' মিত্ৰজোঁটৰ নাৰী-বিৰোধী চক্ৰান্তক তথ্যসহকাৰে উদঙাই দিয়া হয় । বিশেষকৈ 'নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক-২০২৬' ৰ বিৰুদ্ধে তেওঁলোকে গ্ৰহণ কৰা স্থিতিৰ তীব্ৰ বিৰোধিতা কৰি স্পষ্ট মত দাঙি ধৰে । কংগ্ৰেছে দশক দশক ধৰি নাৰীক কেৱল 'ভোট বেংক' হিচাপে ব্যৱহাৰ কৰি আহিছে । সংসদত নাৰীৰ অংশগ্ৰহণ আৰু ৰাজনৈতিক ক্ষমতা সৰ্বসাধাৰণ মহিলাৰ হাতলৈ যোৱাটো তেওঁলোকে কেতিয়াও বিচৰা নাছিল । ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাৰীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে । পূৰ্বৰ আইনৰ জটিলতা, লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে বিষয়বোৰ সমাধান কৰি কেনেকৈ মহিলাৰ অংশগ্ৰহণ অতি শীঘ্ৰে নিশ্চিত কৰিব পাৰি, তাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি কয় ৰুমী চেতিয়াই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande