ৰঙিয়াত চোৰৰ তাণ্ডৱ
কামৰূপ, ২৭ এপ্ৰিল (হি.স.)। ৰঙিয়াৰ ভিন্ন প্ৰান্তত চোৰৰ তাণ্ডৱে শংকিত কৰি তুলিছে জনসাধাৰণক । সঘনে চুৰি কাণ্ড সংঘটিত হৈ আহিছে তুলসীবাৰী অঞ্চলতো ।তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোত চোৰে নিদ্ৰাহৰণ কৰি আহিছে স্থানীয় লোকৰ। অনূৰূপ ঘটনা সং
ৰঙিয়াত চোৰৰ তাণ্ডৱ


কামৰূপ, ২৭ এপ্ৰিল (হি.স.)। ৰঙিয়াৰ ভিন্ন প্ৰান্তত চোৰৰ তাণ্ডৱে শংকিত কৰি তুলিছে জনসাধাৰণক । সঘনে চুৰি কাণ্ড সংঘটিত হৈ আহিছে তুলসীবাৰী অঞ্চলতো ।তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোত চোৰে নিদ্ৰাহৰণ কৰি আহিছে স্থানীয় লোকৰ।

অনূৰূপ ঘটনা সংঘটিত হৈছে সত্যৰঞ্জন আচাৰ্জী নামৰ লোকজনৰ বাসগৃহত। পৰিয়ালৰ সৈতে তিনিদিন পূৰ্বে ধুবুৰী জিলাৰ মানকাচাৰলৈ গৈ আজি পুৱাৰ ভাগত স্বগৃহত উপস্থিত হৈ চুৰি ঘটনাৰ দৃশ্য প্ৰত্যক্ষ কৰি হতবাক হয়। উক্ত ঘটনাটোৰ বলি হোৱা পৰিয়ালটোৱে নগদ ধনৰ লগতে কেবা লক্ষাধিক সোনৰ অলংকাৰ হেৰুৱাই গভীৰ সংকটত পৰে ।চোৰে ঘৰৰ তলা ভাঙি বয় বস্তু লণ্ড ভণ্ড কৰি নিৰ্বিঘ্নে পলায়ন কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোৱে।ভাৰত ভূটান সীমান্ত পথৰ সমীপতে অৱস্থিত লোকজনৰ বাসগৃহত সংঘটিত হোৱা চুৰি কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande