বিলাসীপাৰাত ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ
ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। বিলাসীপাৰাত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। প্ৰাক কলন অনুসৰি কাম নকৰি অতি নিম্ন মানৰ পথৰ কাম কৰাৰ ফলত দুমাহ সম্পূৰ
বিলাসীপাৰাত ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ


ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। বিলাসীপাৰাত প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। প্ৰাক কলন অনুসৰি কাম নকৰি অতি নিম্ন মানৰ পথৰ কাম কৰাৰ ফলত দুমাহ সম্পূৰ্ণ নৌহওঁতেই চপৰা চপৰে খহিছে পথৰ খণ্ড। নাম মাত্ৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে। ঠিকাদাৰ বিশ্বজিৎ দাস আৰু বিভাগৰ অভিযন্তা ৰূপজিৎ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে উক্ত অভিযোগ।

উল্লেখযোগ্য যে বিলাসীপাৰা গড়কাপ্তানী বিভাগৰ অধীনত বামুনপাৰা চতুৰ্থ খণ্ডৰ পৰা বামুণপাৰা পঞ্চম খণ্ডলৈকে প্ৰায় ২ কিলোমিটাৰ পথৰ কামৰ মেৰামতিৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ বিশ্বজিৎ দাসে। প্ৰায় ৩৮ লাখ টকাৰ ঠিকালাভ কৰিছিল ঠিকাদাৰ বিশ্বজিৎ দাসে। পথটো দুমাহ আগতেই অতি নিম্ন মানদণ্ডৰ কাম সম্পূৰ্ণ কৰিছিল যদিও পথৰ দুৰৱস্থা দেখি ৰাইজে প্ৰতিবাদত নামিল।স্থানীয় ৰাইজে ঠিকাদাৰ বিশ্বজিৎ দাস আৰু বিভাগীয় অভিযন্তাক বাৰংবাৰ অভিযোগ দিয়াৰ পিছতো কাণ সাৰ নাই দুই ধুৰন্ধৰ দুৰ্নীতি পৰায়ণ বিষয়াৰ।এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে উচ্চ পদস্থ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande