আমগুৰিৰ টিফুক চাহ বাগিছাৰ আমেৰিকা লাইনত বিধ্বস্ত যাতায়াত,দুৰ্দশাগ্ৰস্থ ৰাইজ
শিৱসাগৰ, ২৭ এপ্ৰিল (হি.স.)। জনপ্ৰতিনিধি অথবা পঞ্চায়তৰ দ্বাৰা অৱহেলিত টিফুক চাহ বাগিছাৰ আমেৰিকা লাইন। আদিবাসী চাহ জনগোষ্ঠী লোকৰ বসবাসস্থলী আমেৰিকা লাইনত আজি পৰ্যন্ত নহল বাটপথ। দুডাল পকী খুটাৰ ওপৰেৰে যাতায়াত স্থানীয় লোকৰ। বাৰিষাৰ আগমনত যাতায়াত কৰোতে
আমগুৰিৰ টিফুক চাহ বাগিছাৰ আমেৰিকা লাইনত বিধ্বস্ত যাতায়াত,দুৰ্দশাগ্ৰস্থ ৰাইজ


শিৱসাগৰ, ২৭ এপ্ৰিল (হি.স.)। জনপ্ৰতিনিধি অথবা পঞ্চায়তৰ দ্বাৰা অৱহেলিত টিফুক চাহ বাগিছাৰ আমেৰিকা লাইন। আদিবাসী চাহ জনগোষ্ঠী লোকৰ বসবাসস্থলী আমেৰিকা লাইনত আজি পৰ্যন্ত নহল বাটপথ। দুডাল পকী খুটাৰ ওপৰেৰে যাতায়াত স্থানীয় লোকৰ। বাৰিষাৰ আগমনত যাতায়াত কৰোতে জীয়াতু ভুগিছে লোক সকলে।

বৰ্তমান গাঁও খনত আজিলৈকে কৃপা দৃষ্টি পৰা নাই পঞ্চায়ত প্ৰতিনিধিৰো। দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আহিছে উক্ত আমেৰিকা লাইন বাসী। চৰকাৰ আহিছে গৈছে। কিন্ত উন্নয়নৰ মুখ দেখা পোৱা নাই আমেৰিকা লাইন বাসীয়ে। বিধ্বস্ত যাতায়াতক কেন্দ্ৰ কৰি ক্ষোভ উজাৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।

বাৰিষাৰ যাতায়াতত যমৰ যাতনা ভোগ কৰা আমেৰিকা লাইনৰ প্ৰায় তিনিশ পৰিয়ালৰ মৰ্মান্তিক বেদনাক উপলব্ধি কৰিব পৰা নাই জন প্ৰতিনিধি সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande