বৰপেটা জিলাৰ চেঙা সমষ্টিৰ এটা পকী পথক লৈ হাহাকাৰ লাগিছে লোক নিৰ্মাণ বিভাগত
বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ এটা পকী পথক লৈ হাহাকাৰ লাগিছে লোক নিৰ্মাণ বিভাগত। সমষ্টিটোৰ কালাইৰদিয়াৰ পৰা সুখোৱাৰঝাৰ আঞ্চলিক বজাৰলৈ যোৱা প্ৰায় ১৩ কিলোমিটাৰ পকী পথক লৈ এতিয়া ঢোকে ঢোকে পানী খাব লগীয়া হৈছে লোক নিৰ্মাণ বিভাগৰ বিষ
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ এটা পকী পথক লৈ হাহাকাৰ লাগিছে লোক নিৰ্মাণ বিভাগত


বৰপেটা, ২৭ এপ্ৰিল (হি.স.)। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ এটা পকী পথক লৈ হাহাকাৰ লাগিছে লোক নিৰ্মাণ বিভাগত। সমষ্টিটোৰ কালাইৰদিয়াৰ পৰা সুখোৱাৰঝাৰ আঞ্চলিক বজাৰলৈ যোৱা প্ৰায় ১৩ কিলোমিটাৰ পকী পথক লৈ এতিয়া ঢোকে ঢোকে পানী খাব লগীয়া হৈছে লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে ঠিকাদাৰ মৃনালজ্যোতি দাসে । জানিব পৰা মতে এ এছ ০১ ২২৬ নং পেকেজৰ অধীনত প্ৰায় ১৪ কোটি ৭১ লাখ টকাৰে নিৰ্মাণ কৰা পথটো SQM (STATE QUALITY MEASUREMENT) টীমে পৰীক্ষা নিৰীক্ষা কৰি লোক নিৰ্মাণ বিভাগক UNSATISFIED বুলি ৰিপৰ্ট দিয়াৰ পাছতে হাহাকাৰ লাগিছে লোক নিৰ্মাণ বিভাগত।

তদন্তকাৰী দলটোৰ ৰিপৰ্ট দাখিলৰ পিছতে গুৱাহাটীস্থ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ অতিৰিক্ত মুখ্য অভিযন্তাই পথটো তদন্ত কৰি শীঘ্ৰে ব্যৱস্থা লবলৈ বৰপেটা লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে । এই নিৰ্দেশ পোৱাৰ পিছতে ঠিকাদাৰ মৃনালজ্যোতি দাসে তৰা নৰা এৰি বিধ্বস্ত হৈ পৰা পথটোত কেৱল বালি মাটি পেলাই মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এই কামকলৈও অসন্তুষ্ট স্থানীয় ৰাইজ । অভিযোগ অনুসৰি, পকী পথ নিৰ্মাণত প্ৰায় ১৫ কোটি টকা ব্যয় কৰাৰ পাছতে ভাঙি যোৱা পথটো মেৰামতিৰ বাবে ১ কোটি ২৫ লাখ টকা আৱন্টন দিয়া হৈছিল যদিও ঠিকাদাৰে নামমাত্ৰ কাম কৰি এই বৃহৎ পৰিমাণৰ ধন ব্যয়তো দুৰ্নীতি সংঘটিত কৰিছে। মূলতঃ নিৰ্মাণকাৰ্যৰ দায়িত্বত থকা সহকাৰী অভিযন্তা তাজ উদ্দিন আহমেদৰ ছত্ৰছায়াতে ঠিকাদাৰ মৃনালজ্যোতি দাসে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande