
নগাঁও, ২৭ এপ্ৰিল (হি.স.)। ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।ধিঙৰ বেছামাৰীত গ্ৰেপ্তাৰ কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী ।
আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় ড্ৰাগছ সহ মহিলাসৰবৰাহকাৰী গৰাকীক আটক কৰে। মহিলাগৰাকীৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।আৰক্ষীয়ে ১২–৫৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে। কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী জনীৰ নাম ছাবিয়া খাতুন বুলি জানিব পৰা গৈছে ।ধৃত ছাবিয়া খাতুনে দীৰ্ঘদিন ধৰি চলায় আহিছিল নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীয়ে অধিক তথ্যৰ বাবে ছাবিয়াক জেৰা চলায় আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ