গোসাঁইগাঁও সদৰ চহৰৰ দুটাকৈ পথৰ কামৰ শুভ উদ্বোধন
কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা গোসাঁইগাঁও সদৰ চহৰৰ দুটা পথ পুনৰায় নতুনকৈ নিৰ্মান কৰাৰ বাবে শুভ উদ্বোধন কৰা হয় ৷ তদুপলক্ষে আজি শৰাইবিল সমষ্টিৰ পাৰিষদ তথা বি টি চিৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীয়ে খোকন
গোসাঁইগাঁও সদৰ চহৰৰ দুটাকৈ পথৰ কামৰ শুভ উদ্বোধন


কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকা গোসাঁইগাঁও সদৰ চহৰৰ দুটা পথ পুনৰায় নতুনকৈ নিৰ্মান কৰাৰ বাবে শুভ উদ্বোধন কৰা হয় ৷ তদুপলক্ষে আজি শৰাইবিল সমষ্টিৰ পাৰিষদ তথা বি টি চিৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য মৃত্যুঞ্জয় নাৰ্জাৰীয়ে খোকন গলিলৈ যোৱা পথ আৰু ৰুদ্ৰ গলিলৈ যোৱা পথ দুটাৰ শুভ উদ্বোধন কৰে ৷

আৰবান বিভাগৰ পূঁজিৰ দ্বাৰা নিৰ্মিত হ’বলগীয়া খোকন গলিৰ পথটো ৪২ লাখ ৪৭ হেজাৰ টকাৰ ব্যায় সাপক্ষে নিৰ্মান হ’ব আৰু ৰুদ্ৰ গলিলৈ যোৱা পথটো ২৪ লাখ টকাৰ ব্যায় সাপক্ষে নিৰ্মান হ’ব বুলি কাৰ্যবাহী সদস্য নাৰ্জাৰীয়ে জানিব দিয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande