
কাঠমাণ্ডু, ২৭ এপ্ৰিল (হি.স.)। প্ৰাকৃতিক দুৰ্যোগৰ বাবে শনিবাৰে সন্ধিয়াৰ পৰা অৱৰোধ হৈ থকা নেপালৰ বি পি ঘাইপথ এতিয়াও মুকলি হোৱা নাই। ৰোশী নদীৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ডাইভাৰচনসমূহ দেওবাৰৰ ভিতৰত বেছিভাগ স্থানতে পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও দেওবাৰে সন্ধিয়াৰ বৰষুণে এই নতুন ডাইভাৰচনসমূহ উটুৱাই লৈ যায়।
দেওবাৰে ঘাইপথৰ চিউৰিবাছ, নাৰ্কে, আৰু চৰ ছাই বেনছি অঞ্চলত নিৰ্মাণ কৰা ডাইভাৰচনসমূহো জাহ গৈছে। মঙলটাৰৰ মুখ্য আৰক্ষী পৰিদৰ্শক ঈশ্বৰ কাৰ্কীয়ে জনোৱা মতে, ১৩টা ডাইভাৰচনৰ ভিতৰত ৮টা ডাইভাৰচন পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও দেওবাৰে সন্ধিয়া বৰষুণে পুনৰ ক্ষতিগ্ৰস্ত কৰে। তেওঁ উল্লেখ কৰে যে আজি পুৱা ডাইভাৰচনসমূহ পুনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হৈছে।
শনিবাৰে ৰোশী নদীৰ পৰা বানপানীয়ে চৌকিদান্দা, ঘুমৌনে, চৰছা বেনছি, গিমডি বেনছি, নাৰ্কে, চিউৰিবাছ, বক্সিকুনা, কালধুংগা, দলাবেশী, বুলডুংগা আৰু মামতি আদি অঞ্চলৰ ডাইভাৰচনসমূহ উটুৱাই লৈ যায়। সিন্ধুলী পক্ষৰ আংঘৰী আৰু নেপালথকতো ডাইভাৰচন ক্ষতিগ্ৰস্ত হয়। আৰক্ষীৰ মতে, পথ সংমণ্ডলৰ কাৰ্যালয় আৰু ঠিকাদাৰ কোম্পানীয়ে ক্ষতিগ্ৰস্ত ডাইভাৰচনসমূহ মেৰামতি কৰি বতৰ উন্নতি হ’লে পুনৰ যাতায়ত আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া