
নলবাৰী, ২৭ এপ্ৰিল (হি.স.)। নলবাৰীত উপস্থিত হল কংগ্ৰেছৰ পৰ্যবেক্ষণ দল।শিবামনি বৰা,সত্যব্ৰত কলিতা,মৃণাল হাজৰিকাৰ নেতৃত্বত এটি দলে আজি নলবাৰীলৈ আহি পোনতে নলবাৰী ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা কৰ্মীৰ লগত মিলিত হৈ মত বিনিময় কৰে।
তাৰ পিছতেই ষ্ট্ৰং ৰূমত উপস্থিত হয় এই দলটো।ষ্ট্ৰং ৰূমত উপস্থিত হৈ ইভিএম সুৰক্ষিত হৈ আছে নে নাই সেয়া পৰ্যবেক্ষণ কৰে। আনহাতে ইভিএমত কিবা কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে সত্যব্ৰত কলিতাই। ইপিনে ৬৩ খনতকৈ অধিক আসন লাভ কৰি এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সত্যব্ৰত কলিতাই। ইপিনে নলবাৰীৰ তিনিওখন বিধান সভাৰ আসনতে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে সত্যব্ৰত কলিতাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা