
জম্মু, ২৭ এপ্ৰিল (হি.স.)। শেহতীয়াকৈ লস্কৰ-ই-তৈবাৰ (এল ই টি)ৰ আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী মডিউল উন্মোচন কৰাৰ সৈতে জড়িত গোচৰটো ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰহণ কৰি সোমবাৰে দুজন পাকিস্তানী নাগৰিককে ধৰি গ্ৰেপ্তাৰ কৰা পাঁচজন সন্ত্ৰাসবাদীক সোধা-পোছাৰ বাবে আটক কৰে।
যোৱা ৭ এপ্ৰিলত জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযানত আব্দুল্লা ওৰফে আবু হুৰাইৰাকে ধৰি পাঁচজন লেট সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। ১৬ বছৰ ধৰি পলাতক হৈ থকা তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাহিৰত আত্মগোপন স্থান স্থাপন কৰিবলৈ সক্ষম হৈছিল। আব্দুল্লাৰ উপৰিও আন এজন পাকিস্তানী সন্ত্ৰাসবাদী উছমান ওৰফে খুবাইব আৰু শ্ৰীনগৰৰ তিনিজন বাসিন্দা মহম্মদ নাকিব ভাট, আদিল ৰছিদ আৰু গুলাম মহম্মদ মিৰ ওৰফে মামাকো গ্ৰেপ্তাৰ কৰা হয় এই বৃহৎ অভিযানত, য’ত জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংস্থাসমূহো জড়িত আছিল।
তদন্তত সন্ত্ৰাসবাদীক লজিষ্টিক আৰু আৰ্থিক সহায় আগবঢ়োৱাৰ লগত জড়িত লেটৰ গভীৰ নেটৱৰ্ক উন্মোচিত হৈছে। সোমবাৰে সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীকেইজনক জম্মুৰ বিশেষ এনআইএ আদালতত অধিক তদন্তৰ বাবে হাজিৰ কৰে। বিষয়াসকলে জনোৱা মতে, আদালতে পাঁচোজন অভিযুক্ত সন্ত্ৰাসবাদীক সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰে। দুই পাকিস্তানী নাগৰিকক দুদিনৰ ৰিমাণ্ড, আনহাতে তিনিজন স্থানীয় সন্ত্ৰাসবাদীক ১৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া