ৰঙিয়াত পুনৰ চোৰৰ ত্ৰাস, বিহাপাৰাৰ দুটাকৈ পৰিয়ালত চোৰৰ লুট-পাত
কামৰূপ, ২৭ এপ্ৰিল (হি.স.)। ৰঙিয়াত পুণৰ চোৰৰ সত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুজোগলৈ চোৰে চলালে চাফাই অভিযান। জানিব পৰা অনুসৰি ৰঙিয়াৰ সমীপৰ বিহাপাৰাৰ দুটাকৈ পৰিয়ালত চোৰৰ লুট-পাত। ৰঙিয়াৰ বিহাপাৰাৰ কুমুদ কলিতা আৰু নৃপেন লহকৰৰ ঘৰত সংগটিত হয় এই চুৰ
ৰঙিয়াত পুনৰ চোৰৰ ত্ৰাস, বিহাপাৰাৰ দুটাকৈ পৰিয়ালত চোৰৰ লুট-পাত


কামৰূপ, ২৭ এপ্ৰিল (হি.স.)। ৰঙিয়াত পুণৰ চোৰৰ সত্ৰাস। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুজোগলৈ চোৰে চলালে চাফাই অভিযান।

জানিব পৰা অনুসৰি ৰঙিয়াৰ সমীপৰ বিহাপাৰাৰ দুটাকৈ পৰিয়ালত চোৰৰ লুট-পাত।

ৰঙিয়াৰ বিহাপাৰাৰ কুমুদ কলিতা আৰু নৃপেন লহকৰৰ ঘৰত সংগটিত হয় এই চুৰি কাণ্ড। চোৰে লুটিলৈ গ'ল নগদ ধন,আ-অলংকাৰকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰ।

উল্লেখ্য যে দেওবাৰে অঞ্চলটোৰ অধিকাংশ লোকে গৈছিল নগাঁৱৰ বৰদোৱা সত্ৰলৈ। তাৰেই সুযোগ লৈ গভাইদ চোৰৰ এই দুষ্কাৰ্য। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত কাউৰবাহা আৰক্ষী। এই মূহুৰ্তলৈ চোৰৰ শুং সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande