
কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। গোসাইগাঁৱৰ মহকুমাৰ জলেশ্বৰি ৰমেন্দ্ৰপুৰ গাঁওৰ জটিল ৰোগত আক্ৰান্ত দ্বীপেন বসুমতাৰী। ৰোগত আক্ৰান্তত দিক বিদিক হেৰুৱাই গৈছে পৰিয়ালটো। ৰমেন্দ্ৰপুৰ গাঁৱৰ নিবাসী দ্বীপেন বসুমতাৰী কেইবা মাহ পিছত শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে।
জটিল ৰোগত আক্ৰান্ত হোৱা যুৱক জন সুস্থ কৰিবলৈ মাতৃয়ে নিজৰ সৰ্বস্ব বিক্ৰী কৰি অসমৰ উপৰি বহিঃৰাজ্যত বিভিন্ন স্থানত চিকিৎসা কৰে যদিও সুস্থ কৰিবলৈ সক্ষম হোৱা নাই। যুৱকজন চিকিৎসাৰ নামত সকলো শেষ কৰি এতিয়া পথ নেদেখা হৈ পৰিছে পৰিয়ালটোৱে । পৰিয়ালটো সহায় বিচাৰিছে অসমবাসী ৰাইজৰ। কোনোবাই সহায় কৰিব বিচাৰিলে তলত দিয়া বেংক একাউণ্টত সহায় কৰিব পাৰিব। বেংক একাউণ্ট নম্বৰ 39105347016 আৰু IFSC-SBIN0007996সেই সন্দৰ্ভত গোসাইগাৱঁৰ সংবাদ দাতা শিবলাল টুডুৰ প্ৰতিৱেদন চাওঁক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ