
নতুন দিল্লী, ২৭ এপ্ৰিল (হি.স.)। নিটি আয়োগৰ সদস্য অধ্যাপক গোবৰ্ধন দাসে সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে অধ্যাপক দাসৰ জীৱন সংগ্ৰামেৰে ভৰা, যাৰ ফলত তেওঁৰ সমাজসেৱাৰ প্ৰতি দায়বদ্ধতা আৰু অধিক শক্তিশালী হৈছে। এই নিষ্ঠা তেওঁৰ কামত স্পষ্টভাৱে প্ৰতিফলিত হৈছে, আৰু তেওঁৰ অভিজ্ঞতা আৰু পাণ্ডিত্যই দেশৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াক শক্তিশালী কৰিব।
উল্লেখযোগ্য যে শুকুৰবাৰে চৰকাৰে ঘোষণা কৰিলে নিটি আয়োগৰ নতুন পূৰ্ণকালীন দল। আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে জ্যেষ্ঠ অৰ্থনীতিবিদ অশোক কুমাৰ লাহিৰীক। একেদৰে ৰাজীৱ গৌবা, অধ্যাপক কে ভি ৰাজু, অধ্যাপক গোবৰ্ধন দাস, অধ্যাপক অভয় কাৰণ্ডিকৰ আৰু ড° এম শ্ৰীনিবাসক পূৰ্ণকালীন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ